শিল্পী পেঞ্চনৰ পৰা বঞ্চিত নাগাৰা নামৰ শিল্পী মেদিনী মোহন নাথ

WhatsApp Image 2020 06 15 at 5.49.24 PM

অসমৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ শিল্পী তথা বাক্সা জিলাৰ গোৰেশ্বৰ বৰফুকনখাতৰ নিবাসী মেদিনী মোহন নাথে আজিকোপতি লাভ নকৰিলে শিল্পী পেঞ্চন। নাগাৰা নাম অসমৰ লোকসংস্কৃতিৰ এক অনবদ্য অংগ। এই লোকসংস্কৃতিবিধৰ জৰিয়তে বেদ, পুৰাণ, উপনিষদ, শাস্ত্ৰ সমূহত বৰ্ণিত বিভিন্ন কাহিনীক তাল, নাগাৰাৰে নিৰ্দিষ্ট সুৰত গাঁঠি সেইকাহিনীবোৰক বিভিন্ন অংগী ভংগীৰে উপস্থাপন কৰি ভক্তপ্ৰাণ ৰাইজৰ ওচৰত পৰিবেশন কৰা হয়। আধ্যাত্মিক চেতনাক ৰাইজৰ মাজত প্ৰচাৰ কৰাটোৱেই নাগাৰা নাম লোক সংস্কৃতিটোৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত নাগাৰা নাম লোক সংস্কৃতিবিধৰ লগত জড়িত “পাঠক” সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনেদৰে এই ভূমিকা পালন কৰি আহিছে মেদিনী মোহন নাথে ।

১৯৭৩ চনৰ পৰা আজিলৈকে তেওঁ এই লোক সংস্কৃতিবিধৰ নিৰৱচ্ছিন্ন সাধনা কৰি আহিছে। ইতিমধ্যে নাগাৰা নাম লোকসংস্কৃতিটোক অসমত জনপ্ৰিয় কৰোৱাৰ ক্ষেত্ৰত তেখেতৰ অৱদান সৰ্বজনস্বীকৃত। ১৯৯০ চনতেই “গায়ত্ৰী” আৰু “শ্ৰী গংগা” নামৰ তেখেতৰ অন্ তম দুটি জনপ্ৰিয় নাগাৰা নামৰ শ্ৰব্য কেছেট মুকলি হয়। ১৯৯৩ চনত প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণী অনাতাঁৰ কেন্দ্ৰৰ গুৱাহাটী শাখাত নাগাৰা নাম সম্প্ৰচাৰৰ বাবে তেখেতৰ কণ্ঠ বাণীৱদ্ধ হয়। ২০১১ চনত নাগাৰা নামৰ এগৰাকী শিল্পী হিচাপে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে তেখেতৰ ব্যক্তিগত সাক্ষাৎকাৰ প্ৰচাৰিত হয়। দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ জৰিয়তে ২০১৬ চনত তেখেতৰ “হৰমোহন শীৰ্ষক” অন্যতম জনপ্ৰিয় নাম এটিও সম্প্ৰচাৰ হয়।

অসমৰ বিভিন্ন ঠাইত নাগাৰা নাম পৰিৱেশনৰ জৰিয়তে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা এই গৰাকী পাঠক শিল্পীয়ে ২০১৬ বৰ্ষৰ ৮৩ সংখ্যক নলবাৰী ৰাস মহোৎসৱত অনুষ্ঠিত হোৱা “সদৌ অসম নাগাৰা নাম প্ৰতিযোগিতাত” প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। সদৌ ভাৰত বহুভাষীয় নাটক, নৃত্য প্ৰতিযোগিতা আৰু সন্মান প্ৰদান মহোৎসৱ, সমন্বয়-২০১৯ ৰ তৰফৰ পৰা শিল্পী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যপাল সন্মানীয় জগদীশ মুখীৰ জৰিয়তে নাগাৰা নামৰ এগৰাকী সাধক হিচাপে ৰাষ্ট্ৰীয় সম্বৰ্ধনা পাবলৈ সক্ষম হয়।

শেহতীয়া ভাৱে অসম সাংস্কৃতিক মঞ্চই ২০২০ বৰ্ষৰ বাবে এইগৰাকী শিল্পীক প্ৰদান কৰিছে “বৰহমথুৰি শিল্পী বঁটা”। কিন্তু দুখৰ বিষয় যে আজি প্ৰায় চাৰিটা দশক ধৰি নাগাৰা নাম লোকসংস্কৃতিটোৰ একান্ত সাধক হিচাপে নিজকে উৎৰ্সগা কৰাৰ পিছতো শিল্পী গৰাকীয়ে আজিলৈকে লাভ নকৰিলে শিল্পী পেঞ্চন। বৃত্তিগত ভাৱে কৃষিৰ লগত জড়িত শিল্পী গৰাকীয়ে আজি কে’বাবছৰ ধৰি অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰি আহিছে যদিও চৰকাৰৰ পৰা কোনো ধৰণৰ সহাৰি লাভ নকৰিলে ।

সদৌ অসম নাগাৰা নাম সংঘৰ আজীৱন সদস্য হিচাপে স্বীকৃতি প্ৰাপ্ত শিল্পী গৰাকীক সংঘৰ ফালৰ পৰাও শিল্পী পেঞ্চনৰ বাবে ইতিমধ্যে বহু বছৰ পূৰ্বেই প্ৰস্তাৱ কৰা হৈছিল আৰু সদৌ অসম নাগাৰা নাম সংঘৰ পৰাও এই ক্ষেত্ৰত কেইবাবাৰো চৰকাৰলৈ আৱেদন কৰা হৈছিল। কিন্তু তাৰ পিছতো শিল্পী গৰাকীয়ে আজিলৈকে শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম নহল। এইক্ষেত্ৰত গোৰেশ্বৰ অঞ্চলৰ সচেতন ৰাইজ তথা বিভিন্ন সংগঠনে শিল্পী গৰাকীক শিল্পী পেঞ্চন প্ৰদানৰ জৰিয়তে তেখেতৰ এই যাত্ৰাক চৰকাৰী ভাৱে উৎসাহিত কৰাৰ পোষকতা কৰে।

Exit mobile version