ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত হোৱাৰ দাবী ৰাষ্ট্ৰীয় বজৰংগ দলৰ

WhatsApp Image 2020 06 16 at 3.58.54 PM

নুনমাটিত ঋতুপৰ্ণ পেগুক কৰা হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত হোৱাৰ কাৰণে দাবী কৰে ৰাষ্ট্ৰীয় বজৰংগ দলে ৷ লগতে ঋতুপৰ্ণ পেগুৰ পৰিয়ালক চৰকাৰৰ পৰা সাহাৰ্য প্ৰদান কৰাৰ কাৰণেও দাবী কৰে দলটোৱে ৷ এই উদ্দেশ্য আজি ৰাষ্ট্ৰীয় বজৰংগ দলে ভৰলুমুখ আৰক্ষী থানাত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে শুক্ৰবাৰে দিন দুপৰতে হোৱা এই হত্যাকাণ্ডই জোঁকাৰি গৈছিল সমগ্ৰ অসম ৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জৰিত পাঁচজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে ঋতুপৰ্ণ পেগুৰ হত্যাৰ তদন্ত বিচাৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে ৷

Exit mobile version