চীনৰ উচটনিত ভাৰত সীমান্তত এশ সেনা চকী নিৰ্মাণ কৰিব নেপালে

china indai

চীনৰ উচটনিত এইবাৰ ভাৰতৰ স’তে পোনপতীয়া সংঘাতৰ পথ ল’লে নেপালে। সূএত প্ৰকাশ যে ভাৰত – নেপাল সীমান্তত এশটা নতুন সেনা চকী নিৰ্মাণৰ সিদ্ধান্ত লৈছে কাঠমাণ্ডুৱে।প্ৰাপ্ত তথ্য অনুসৰি এই মূহুৰ্তত সীমান্তত নেপালৰ ১২১ টা সেনা চকী অাছে। এইবাৰ সেই সংখ্যা ২২১ কৰিবলৈ আগবাঢ়িছে নেপাল চৰকাৰে। দেশখনৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই তথ্যৰ সত্যতা স্বীকাৰ কৰা হৈছে। কেৱল এয়ে নহয়, এই সংখ্যা ক্ৰমাত বৃদ্ধি কৰি মুঠ প্ৰায় পাঁচশতা চকী নিৰ্মাণৰ পৰিকল্পনা কৰিছে কাঠমাণ্ডুৱে।

সশস্ত্ৰ সীমা বল (এছ এছ বি) য়ে ভাৰত অাৰু নেপালৰ সীমান্তত সুৰক্ষাৰ দায়িত্ব চম্ভালে। এছ এছ বি অাৰু ভাৰতৰ চোৰাংচোৱা সংস্হাৰ তথ্য অনুসৰি সীমান্তত নেপালে সশস্ত্ৰ আৰক্ষী বাহিনী (এ পি এফ) ক দেশৰ চৰকাৰে নিয়োগ কৰিছে। তদুপৰি দ্ৰুতভাৱে এশ সেনা চকী নিৰ্মাণৰ কাম আৰম্ভ হব।কিছুদিন পূৰ্বে এছ এছ বিয়ে এক প্ৰতিবেদনত কৈছিল যে ভাৰত নেপাল সীমান্তত ৰহস্যজনকভাৱে সন্ধানহীন হৈছে একাধিক সীমান্ত খুঁটি। দুই দেশৰ মাজত নিৰ্ধাৰিত আন্তৰ্জাতিক সীমা ৰেখা নিৰ্ণয় আৰু প্ৰদৰ্শনৰ বাবে এই খুঁটিসমূহ নিৰ্মাণ কৰা হৈছিল ৷

মনকৰিবলগীয়া যে যোৱা এসপ্তাহ পূৰ্বে ভাৰতৰ প্ৰবল আপত্তিকো উপেক্ষা কৰি নেপালৰ ৰাষ্ট্ৰীয় সংসদত গৃহীত কৰা হয় সংবিধান সংশোধনী বিধেয়ক৷ইয়াৰ ফলত ভাৰতীয় ভূখণ্ডৰ কিছু অংশ নিজ মানচিত্ৰৰ অন্তভূক্ত কৰিছে নেপাল চৰকাৰে ৷সম্প্ৰতি উত্তৰাখণ্ডৰ পৰা মানস সৰোৱৰপৰ্যন্ত এটি পথ নিৰ্মাণ কৰে ভাৰতে ৷ সেই কাৰ্যতো নেপালে বাধা দিছিল ।নেপাল চৰকাৰৰ দাবী আছিল যে এই পথ অতিক্ৰম কৰা কালাপানী,লিপুলেখ আৰু লিম্পুৱাধুৰা নেপালৰ অধীনস্থ অঞ্চল ৷এই বিষয়টো কেৱল আলোচনাৰ স্তৰতে সীমাবদ্ধ কৰি নাৰাখি দেশৰ নতুন মানচিত্ৰ প্ৰস্তুত কৰে বৰ্তমানৰ চৰকাৰে ৷

Exit mobile version