বলীউডৰ সম্পৰ্কত চৈইফ আলী খানৰ বিস্ফোৰণ

saif ali khan on bollywood outpouring love for sushant singh rajput to pretend you care is ultimate hypocrisy

দেওবাৰে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছতেই সমগ্ৰ ছবিজগতৰ বিভিন্ন দিশ উন্মোচিত হৈছে ৷ সততে “নেপ’টিজম”ৰ টেগ লগা বলীউডৰ সম্পৰ্কত প্ৰতিদিনে উদ্ধাৰ হৈছে নতুন নতুন তথ্য। এই সময়তে এইবাৰ বলীউডক কটাক্ষ কৰি চৈইফ আলী খানে কয় যে কিছুমান লোকে নিজৰ সুবিধাৰ কাৰণে সুশান্ত নাম লৈছে । আৰু এইয়া অতি লাজৰ কথা । সম্প্ৰতি এনেধৰণৰ কিছুমান লোকে সুশান্তক লৈ দুখ প্ৰকাশ কৰিছে যিসমূহ লোকে কেতিয়াও সুশান্তৰ হৈ চিন্তায়ে কৰা নাছিল।

লগতে চেইফে কয় যে তেওঁলোকে সুশান্তৰে নহয় আন কাৰোৰে কথা চিন্তা নকৰে । মৃত্যু হোৱাৰ পিছত আপুনি কাৰোবাক ভাল পায় ৷ সেয়া দেখুওৱাটো মৃতকৰ প্ৰতি কৰা চৰম অপমান । ছবি জগতখন প্ৰতিযোগিতাৰে ভৰপূৰ। ইয়াত কোনেও কাৰো কথা চিন্তা নকৰে। কিন্তু সকলোৱে এনে দেখাই যে ইজনে সিজনৰ প্ৰতি চিন্তা কৰে,ভাল পায় ৷ সকলোৱে আপোনাৰ কথা ছ’চিয়েল মিডিয়া লিখিব ৷কিন্তু পথত লগ পালে আপোনাৰ ফালে ঘূৰিও নাচায়। আনহাতে চৈইফ আলী খানৰ দৰে পৰিচালক নিখিল ট্ৰিবেদীয়েও বলীউডৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তেওঁ কয় “কেতিয়াবা আমাৰ ছবিজগতৰ লগত জড়িত লোকসকলে দেখুওৱা কৰ্মৰ বাবে লাজ লাগে ৷সকলোৱে কৈছে তেওঁলোক সুশান্তৰ লগত নাছিল। কিন্তু সত্য এইয়ে যে সুশান্তৰ হাতত নাছিল কোনো ছবি আৰু তেওঁৰ কেৰিয়াৰৰ ডুবো ডুবো হৈছিল ৷ সেয়েহে আপোনালোক সুশান্তৰ লগত নাছিল । লগতে নিখিলে বলীউডৰ অভিনেতা অভিনেত্ৰীক প্ৰশ্ন কৰে যে সুশান্তৰ বাহিৰে অভয় দেউল দৰে অভিনেতাৰ লগত তেওঁলোকৰ সংম্পৰ্ক আছেনে?খবৰ ৰাখিছেনে অভয় দেউলৰ ৷অৱশ্যে সুশান্তৰ অকল্পনীয় মৃত্যুৰ পিছত সমগ্ৰ বলীউডত শোকৰ ছাঁ পৰিছে ৷

Exit mobile version