দেশত শেহতীয়াকৈ কৰ’না ভাইৰাছৰ তথ্য

3coronavirus 82

১. বিগত ২৪ ঘন্টাত দেশত কৰ’নাত মৃত্যু হৈছে ২,০০৩ জন ৷ গতিকে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১,৯০৩ জনলৈ বৃদ্ধি পাইছে ।

২. দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩,৫৪,০৬৫ জন ৷ চিকিৎসাধীন হৈ আছে ১,৫৫,২২৭ লগতে সুস্থ হৈ উঠিছে ১,৮৬,৯৩৪ জন ৷

৩. ইফালে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আক্ৰান্ত হয় কৰ’না ভাইৰাছত ৷

৪. উত্তৰ পূবৰ নাগালেণ্ডত বুধবাৰে দুজন লোক কৰ’নাত সংক্ৰমিত হোৱা তথ্য পোহৰলৈ আহে । ৰাজ্যখনত ৭৮ জন কৰ’নাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হয় ১০৩ জন ৷

৫. আনহাতে অসমতো প্ৰতিদিনে বাঢ়িছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা । অসমত কৰ’নাত আক্ৰান্ত হৈছে ৪৬০৫ জন, সুস্থ হৈছে ২৬৪২ জন, এতিয়াও চিকিৎসাধীন হৈ আছে ১৯৫২ জন, আনহাতে কৰ’নাত মৃত্যু হৈছে ৮ জনৰ ৷

Exit mobile version