পশুপতি মন্দিৰত স্পর্শ অবিহনেই বাজে ঘণ্টা

MP Mandir bail

দুমাহতকৈও অধিক অপেক্ষাৰ অন্তত মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ভক্তসকল।মন্দিৰত প্ৰৱেশৰ অনুমতি লাভ কৰিলেও ভক্তসকলক মন্দিৰৰ সামগ্ৰী স্পর্শ কৰাত বাধা দিয়া হৈছে; কিন্ত মন্দিৰলৈ গৈ যদি ঘণ্টা বজাব নোৱাৰে তেনেহ’লে মন্দিৰ দৰ্শনৰ মনোবাঞ্ছা পূৰ্ণ নহয় ভক্তৰ ।সেয়েহে এক অভিনৱ পন্থা গ্ৰহণ কৰা হ’ল মধ্য প্ৰদেশৰ এটি মন্দিৰত ।

প্ৰযুক্তিৰ সহায়ক ভক্তৰ স্পৰ্শ অবিহনেই ব্যৱস্থা কৰা হ’ল মন্দিৰৰ ঘণ্টাৰ বজাৰ ।মধ্য প্ৰদেশৰ মান্দচৌৰত থকা পশুপতিনাথ মন্দিৰত গ্ৰহণ কৰা হৈছে এই অভিনৱ পন্থা।মহিলা ভক্তৰ উপস্থিতিত সকলো সময়তে গিজগিজাই থাকে মন্দিৰ চৌহদ ;কিন্ত তলাবন্ধৰ ফলত এতিয়া সকলো ইতিহাস।সংক্ৰমণ ৰোধ কৰিবলৈ ভিৰ এৰাই চলিছে মন্দিৰলৈ অহা ভক্ত সকলে ।

অৱশ্যে প্ৰৱেশৰ সময়তে ঈশ্বৰক নিজ উপস্থিতি জনাবলৈ স্বভাৱগত ভাৱেই ভক্তৰ হাত আগবাঢ়ি যায় মন্দিৰৰ ঘন্টাৰ ফালে ;কিন্ত ঘণ্টা বজাবলৈ মন্দিৰৰ কৰ্তৃপক্ষই এক নতুন পন্থা অৱলম্বন কৰে ।মন্দিৰত চেন্সৰযুক্ত এটি ঘণ্টা ওলোমাই দিয়া হয় ।ফলত ঘণ্টাৰ ওচৰলৈ হাতখন নিলেই বাজি উঠে ঘণ্টাটো ।

হাতখন কিছু দূৰলৈ আঁতৰাই আনিলেই মৌন হৈ পৰে ঘণ্টা ।পশুপতিনাথ মন্দিৰৰ বাবে ঘণ্টাটো তৈয়াৰ কৰিছে এজন মুছলিম বৃদ্ধিই ।৭৬ দিনৰ অন্তত মন্দিৰটোৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে।ভক্তসকল পুনৰ মন্দিৰলৈ আহিবলৈ পোৱাত আনন্দিত হৈ পৰিছে।মন্দিৰ কৰ্তৃপক্ষৰ এই অভিনৱ পন্থাৰ বাবে ভক্ত সকলে ধন্যবাদো জ্ঞাপন কৰিছে ।

Exit mobile version