পুনৰ অসম-মেঘালয়ৰ সীমান্তত কুণ্ডাসহ বলেৰ’ পিক-আপ ভেন জব্দ

WhatsApp Image 2020 06 17 at 12.34.40 PM

পুনৰ অসম-মেঘালয়ৰ সীমান্তত কুণ্ডাসহ বলেৰ’ পিক-আপ ভেন জব্দ কৰে । পশ্চিম কাৰ্বি-আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাৰ্বিস্কাপৰ পৰা কুণ্ডাসহ জব্দ হয় গাড়ীখন। কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত কুণ্ডাসহ এম এল-০৪ডি ০১৩৬ গাড়ীখন জব্দ কৰা হয়। ইয়াৰ কেইদিনমান পূৰ্বেও কুণ্ডাসহ বলেৰ’ পিক-আপ ভেন এখন জব্দ হৈছিল একেটা অঞ্চলৰে লংটাৰ-থেপি নামৰ অঞ্চলটোত ।

ইয়াৰ পিছতে পুনৰ এক গোপন সূত্ৰৰ পম খেদি খেৰণি বন বিভাগে আন এক অভিযান চলায় কাৰ্বিস্কাপ আৰু খাচীস্কাপ অঞ্চলত। এই অভিযানত কাৰ্বিস্কাপৰ পৰা কুণ্ডাসহ এম এল-০৪ডি ০১৩৬ নম্বৰৰ বলেৰ’ পিক-আপ ভেন এখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু অভিযানৰ খবৰ লাভ কৰি অভিযানকাৰী দলটো উক্ত স্থান পোৱাৰ পূৰ্বেই কাঠ চোৰে সেই স্থানৰ পৰা গাড়ী এৰি পৰা পলায়ন কৰে । এনেদৰেই মেঘালয়লৰ চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ পৰা নিজৰ ৰাজ্যলৈ কোনো কেৰেপ নকৰাকৈ কাঠ সৰবৰাহ কৰাৰ চেষ্টা অব্যাহত ৰখা প্ৰায়ে দেখিবলৈ পোৱা যায়।

Exit mobile version