প্ৰথমবাৰলৈ পৃথিৱীৰ বাহিৰত প্ৰাণীৰ সন্ধান ওলাল

Alian

মানৱৰ দৰে সভ্যতা আৰু বহুতো আছে কেৱল আমাৰ হাতীপটিৰ ভিতৰত থকা নক্ষত্ৰ মণ্ডলীতে। যি সভ্যতাৰ হতে আমি যোগাযোগো গঢ়ি তুলিব পাৰো । তেওঁলোকেও পাৰে।ভিন্ন গ্ৰহৰ এই সভ্যতাসমূহৰ সংখ্যা কমেও ৩৬টা । এই ভিন্ন গ্ৰহৰ বাসিন্দা সকল অত্যন্ত বুদ্ধিমান । সেইবোৰ সভ্যতাও অনেক উন্নত । অৱশ্যে আমি প্ৰেৰণ কৰা কোনো সংকেতৰ প্ৰত্যুত্তৰ সেই ভিনগ্ৰহী সকলৰ পৰা পোৱাৰ বাবে মানৱসভ্যতাই আৰু প্ৰায় ছহেজাৰ১২০ বছৰ অপেক্ষা কৰিব লাগিব। জ্যোতি বিজ্ঞানৰ এক শেহতীয়া গৱেষণাই দাবীয়েই কৰিছে । এই গৱেষণা পত্ৰ খন প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান জাৰ্নেল “দ্য ইস্ত্রি জাৰ্নেল”ত। বিগত শতাব্দীৰ সাতৰ দশকৰ পৰাই মানৱসভ্যতাই ভিন্ন গ্ৰহৰ বাসিন্দা সকলৰ অনুসন্ধান আৰম্ভ কৰিছিল । সেইদৰে মানুহে কল্পনাও কৰিছিল আৰু সেই কল্পনাত জন্ম হৈছিল “এলিয়েন” শব্দটো।

বিজ্ঞান দিশৰ পৰা এলিয়েন অতি উচ্চ পৰ্যায়ৰ বুলি ধৰি লোৱাৰ উপৰি কল্পনাত ভিনগ্ৰহৰ প্ৰাণীবোৰক কূৎসিত-কদাকাৰ ৰূপ দিয়া হৈছিল । বিগত প্রায় ৫০টা দশক ধৰি এই ভিনগ্ৰহৰ সভ্যতাৰ অনুসন্ধান অব্যাহত থাকিলেও জ্যোতিৰ্বিজ্ঞানি সকলৰ সফল হ’ব দিব পৰা নাছিল । অৱশেষত প্রথম বাৰলৈ কোনো গৱেষণাই হিচাপ দিলে যে এই ব্ৰহ্মাণ্ডতে আমাৰ সাধ্যৰ ভিতৰতে থাকিব পাৰে ভিনগ্ৰহী সকলৰ কেবাটাও সভ্যতা । যিসমূহ সভ্যতাৰ স’তে সুদূৰ ভৱিষ্যতে হয়তো মানৱ সভ্যতাই যোগাযোগ গঢ়ি তুলিব পাৰে। সেইদৰে ভিন্ন গ্ৰহত বাস কৰা এই সভ্যতাসমূহেও ভৱিষ্যতে মানৱৰ লগত যোগাযোগ কৰিব পাৰে।

বিশেষজ্ঞসকলে দাবী কৰিছে যে পৃথিৱীৰ বাহিৰত ব্ৰহ্মাণ্ডৰ আন ক’ৰবাত আন কোনো গ্ৰহত প্ৰাণৰ অস্তিত্ব আছে নেকি বা থাকিলে তেওঁলোকৰ সতে যোগাযোগ সম্ভৱ হ’ব নে নহয় । এই দীৰ্ঘদিনীয়া প্ৰশ্ন সমূহৰ এটা দিশ পোৱা গ’ল এই গৱেষণাত । এই গৱেষণাৰ সহযোগী গৱেষক ব্ৰিটেইনৰ নটিংহাম বিষয়বিদ্যাৰ জ্যোতিপদাৰ্থ বিজ্ঞানৰ অধ্যাপক ক্ৰিষ্টোফাৰ কনছেলিছে এই প্ৰসংগত কয়, “ব্ৰহ্মাণ্ডত আমাৰ উপৰি বুদ্ধিমান প্ৰাণীৰ উন্নত সভ্যতা আৰু কিমানটা আছে, যাৰ স’তে আমি যোগাযোগ গঢ়ি তুলিব পাৰো, এই প্ৰথম তাৰ এটা ধাৰণা পোৱা গ’ল।আমাৰ সভ্যতাৰ কে’বা হেজাৰ বছৰৰ প্ৰশ্ন আছিল আৰু এই প্ৰশ্নৰ কোনো সুদূত্তৰ ইয়াৰ পূৰ্বে কোনো পোৱা নাছিল।এই বাবেই ই এক অত্যন্ত গুৰুত্বপূৰ্ণ গৱেষণা।’

১৯৬১ ত জ্যোতি বিজ্ঞানী ফ্ৰেংক ড্ৰেকে এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিছিল । তেতিয়াই তেওঁ দিছিল বিখ্যাত সমীকৰণ ‘ড্ৰেক ইক্যুৱেচন’। এই সমীকৰণৰ সমাধানৰ বাবে ড্ৰেকে সাতটা মাত্ৰ বাছি লৈছিল । তাৰ ভিতৰত অন্যতম আছিল কোনো নক্ষত্ৰ মণ্ডলী বা হাতীপটিত বছৰি গড়ে কিমান নতুন তৰাৰ জন্ম হৈছে, কি সময়সীমাৰ ভিতৰত ভিনগ্ৰহী সকলে প্ৰেৰণ কৰা সংকেত আমাৰ হাতত পৰিবহি পাৰে । অৱশ্যে ড্ৰেক ইক্যুৱেচনৰ সমস্যাটো আছিল তাৰ সমাধানৰ ফলাফলৰ ব্যাপকতা তথা অনিশ্চিতা । সেই সমীকৰণ অনুসৰি, ভিনগ্ৰহী সকলৰ সভ্যতাক লৈ আমাৰ কৌতুহল অধিক বৃদ্ধি কৰাৰ বাহিৰে ড্ৰেক ইক্যুৱেছনৰ দ্বাৰা বৰ বিশেষ কোনো সমস্যাৰ জঁট খোল খোৱা নাছিল । সেয়ে আমি সেই সমীকৰণৰ পৰিমাৰ্জন,পৰিবর্ধন কৰিছো।’ অধ্যাপক কনছেলিছে কয়।

পৰিমাৰ্জন, পৰিবৰ্ধন কৰোতেই গৱেষকসকলে দেখা পালে যে এই হাতীপটি নক্ষত্ৰ মণ্ডলীতে পৃথিৱীৰ দৰে অন্যান্য গ্ৰহত বুদ্ধিমান প্ৰাণীৰ অস্তিত্ব আছে । তেওঁলোকৰ সভ্যতা মানৱৰ দৰেই উন্নত হব পাৰে । আনকি মানৱ সভ্যতাতকৈ উন্নততৰ হব পাৰে । বুদ্ধিমান প্ৰাণীৰ জন্ম আৰু বিকাশৰ প্ৰক্ৰিয়া যদি বিজ্ঞানসন্মত হয়, তেওঁলোকে যদি মানৱ সভ্যতাৰ জ্ঞাত বিজ্ঞানৰ নিয়ম সমূহ মানি চলে, তেওঁলোকৰ যদি জন্মৰ পৰিৱৰ্তে আন কোনো নিয়মত হঠাৎ উদ্ভৱ নহয়, তেনেহ’লে ভিনগ্ৰহীসকলৰ আৰু অনেক সভ্যতা আছে । সেই ভিনগ্ৰহী সকলৰ চেহেৰাও মানুহক আতংকিত কৰিব পৰাৰ দৰে নহয় । বৰঞ্চ পৃথিৱীৰ দৰে প্ৰাণৰ বিৱৰ্তনৰ নিয়ম মানি চলিলে তেওঁলোকো দেখিবলৈ প্ৰায় মানুহৰ দৰেই বুলি গৱেষকসকলে ধাৰণা কৰিছে ।

গৱেষক সকলে দিয়া হিচাপ তথা এই সকলো নিয়ম মানি চলিলে এই হাতীপটি নক্ষত্ৰ মণ্ডলীতেই এনে চাৰিৰ পৰা ২১১টা সভ্যতা আছে । আনহাতে, কমেও ৩৬টা সভ্যতাৰ স’তে আমি যোগাযোগ গঢ়ি তুলিব পাৰো আৰু তেওঁলোকেও পাৰে । পৃথিৱীৰ সবাতোকৈ কাষত থকা এনে সভ্যতাতো কি হ’ব পাৰে, তাৰো এক হিচাপ গৱেষণাত পোৱা গৈছে । গৱেষণা পত্ৰত কোৱা হৈছে, “বুদ্ধিমান ভিনগ্ৰহীসকলৰ এনে উন্নত সভ্যতা আমাৰ পৰা কমেও ১৭ হেজাৰ আলোকবৰ্ষ দূৰত আছে।”

Exit mobile version