ভকতপাৰাৰ ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ

IMG 20200617 144859

অতি মহামাৰী  কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি দৰং আৰু ওদালগুৰি জিলাৰ সীমামুৰীয়া ভকতপাৰা অঞ্চলৰ ৰাইজে লৈছে এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ। বহিঃৰাজ্যৰ পৰা অহা যুৱক- যুৱতীৰ পৰা যাতে গঞা ৰাইজৰ মাজত কৰ’না ভাইৰাছ সহজতে বিয়পি নাযায় তাৰ বাবে লৈছে সতৰ্কতামূলক ব্যৱস্থা। বহিঃৰাজ্যৰ পৰা ঘৰলৈ অহা যুৱক-যুৱতীক চৰকাৰে কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখালৈ অপেক্ষা নকৰি ৰাইজে নিজাববীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰি ৰখাৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰে ভকতপাৰা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্ভুক্ত মাজগাঁৱৰ নৱমিলন পুথিভঁৰাল, খাখলাচুবা হিৰিম্বা ক্লাৱ, শ্যামাবাৰী জ্ঞানদায়িনী এল পি স্কুল, তেতেলীগুৰি এল পি স্কুল, বৰদোৱানেজা এল পি, চিলাবান্ধা, বেবজিয়া, কলিতাপাৰাত ৰাইজে পৃথকে পৃথকে স্থাপন কৰিছে ৰাজহুৱা “কোৱাৰেন্টাইন কেন্দ্ৰ” ৷

এই যুৱকসকলক গঞা ৰাইজে পাল পাতি খাদ্য যোগান ধৰি আছে। ভকতপাৰা ৰাজ্যিক চিকিৎসালয়ৰ লগত যোগাযোগ কৰি স্বাস্থ্য পৰীক্ষা কৰিছে।   ইপিনে ভকতপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বানেশ্বৰ দৈমাৰীয়ে জনোৱা মতে তামিলনাডু ,অৰুণাচল, ঝাৰখণ্ড আদিৰ উপৰি কুৱেইটৰ পৰা আৰু কিছু যুৱক আহি আছে ৷ তেওঁলোকক চৰকাৰীভাবে স্বগৃহতে আছুতীয়াকৈ থাকিবলৈ পৰামৰ্শ দিলেই তেওঁলোকক ৰাজহুৱা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হ’ব ৷ স্বগৃহতো  আছুতীয়াকৈ থকা  সময়চোৱাত ঘৰৰ আনসকলৰ স’তে সংস্পৰ্শত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সংঘৰ কাৰ্যালয় , পুথিভঁৰালৰ কাৰ্যালয় আদিত সেইসকলক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ নতুনকৈ আহি থকাসকলৰ বাবে ইতিমধ্যে সাজু ৰখা হৈছে বিভিন্ন ৰাজহুৱা গৃহ ৷ আনহাতে যোৱা ১৫ জুনত শ্যামাবাৰী এল পি স্কুলত থকা এজন লোকৰ শৰীৰত কৰ’না পজিটিভ ধৰা পৰাৰ লগে লগেই ওদালগুৰি জিলা প্ৰশাসনে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ অৱশ্যে স্বগৃহৰ পৰিৱৰ্তে এইদৰে কোৱাৰেন্টাইনত থকাৰ বাবে ৰাইজ শংকামুক্ত বুলি সদৰী কৰে ৷

Exit mobile version