সক্ৰিয় বিৰোধী

26TH THGRP RAHUL 1

ভাৰত আৰু চীনৰ সীমান্ত বিবাদৰ মাজত সক্ৰিয় হৈছে বিৰোধী কংগ্ৰেছ ৷ কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছৰ নেতাসকলেও বিভিন্ন প্ৰশ্ন থকা সৰকা কৰিছে চলিত চৰকাৰখনক। এইবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি প্ৰশ্ন কৰে যে চীন ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস ক’ত পালে? আমি প্ৰকৃত তথ্য জানিব বিচাৰো । লগতে ভাৰত চীন সীমান্ত বিবাদৰ সময়ত এতিয়া প্ৰধানমন্ত্ৰী মোদী ক’ত লুকাই আছে বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে ৷ ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বজয় সিঙে প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ কিমান সফল হ’ল বুলি প্ৰশ্ন কৰে ৷

ADVERTISEMENT

আনহাতে চীন ভাৰতৰ সংঘৰ্ষৰ পিচতে সমগ্ৰ দেশত উত্তেজনা অব্যাহত আছে ৷ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গালৱান উপত্যকাত দুই দেশৰ সেনা বাহিনীৰ মাজত সংঘটিত এই সংঘৰ্ষত এজন কৰ্ণেলকে ধৰি ২০ জন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হয় ৷ইয়াৰ পৰিপেক্ষিতত ৰাজধানী দিল্লীত সঘন বৈঠক অনুষ্ঠিত কৰা হৈছে ৷প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে দেশবাসীৰ কাৰণে জীৱন উচৰ্গা কৰা জোৱানসকলক সাহস আৰু ত্যাগত শ্ৰদ্ধাৰে সুঁৱৰিছে ।লগতে শ্বহীদৰ পৰিয়ালক সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে ।

Exit mobile version