অভিনতা ৰমেশ ডেকাৰ দুৰ্বিষহ জীৱন

IMG 20200617 WA0014

এদিন ৰজা ,এদিন প্ৰজা আৰু আন এদিন ভিক্ষাৰীৰ অভিনয়ৰে ৰাইজৰ মাজত চিনাকী দিবলৈ সক্ষম হোৱা মানুহজন এতিয়া হৈ পৰিল এজন চাহ দোকানী ।অসমৰ উজনিৰ পৰা নামনিলৈ ভ্ৰাম্যমান নাটকত অভিনয়েৰে খলকনিৰ সৃষ্টি কৰি পিছলৈ তেওঁ আৰ্থিক অভাৱত নিজৰ পৰিয়াল চোৱাচিতাৰ বাবে এখন সৰু চাহ দোকানেৰে জীৱন সংগ্ৰামত নামিবলৈ বাধ্য হয়। ভ্ৰাম্যমান নাটকত দৰ্শকৰ  দৃষ্টি আকৰ্ষণ  কৰিবলৈ সক্ষম হোৱা মানুহজন সম্প্ৰতি ৰোগগ্ৰস্ত ।

অবিভক্ত  নলবাৰী জিলাৰ বৰ্তমান বাক্সা জিলাৰ ৬২ নং বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত মেৰকুছিৰ কুমাৰপাৰা নিবাসী বিশিষ্ট মঞ্চ অভিনেতা ৰমেশ ডেকাই সৰুৰে পৰা নাট্যজগতৰ লগত জড়িত থাকি পিছলৈ  উত্তৰ গুৱাহাটীৰ “মঞ্চ কুৱৰ” থিয়েটাৰত   একেৰাহে দুবছৰ নাট্যজগতত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।তাৰ পিছত তেওঁ মৰোৱাৰ “ভাগ্যদেৱী” থিয়েটাৰত “অভিনয় কৰাৰ সুযোগ গ্ৰহণ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

অসম আন্দোলনৰ সময়টো পাঠশালাৰ “কহিনুৰ থিয়েটাৰতো “তেওঁ অভিনয় কৰিছিল । ১৯৮১-৮২ ত তেওঁ পোনপ্ৰথম বাৰৰ বাবে গুৱাহাটীৰ “অসম ষ্টাৰ থিয়েটাৰত” ৰজা-মহাৰাজাৰ  দুৰ্দান্ত অভিনয়ৰে নাট্যজগতত স্থায়ীভাৱে খোপনি পুতিবলৈ সক্ষম হয় ৰমেশ ডেকাই ।ইপিনে মাখিবাহাৰ “মুকুণ্ড থিয়েটাৰত “মহাজন-জমিদাৰৰ অভিনয়েৰে খলকনিৰ সৃষ্টি কৰিছিল দৰ্শকৰ মনত  বৰপেটা জিলাৰ পাটাছাৰকুছিৰ “ইন্দ্ৰানি থিয়েটাৰত “এবছৰ কাল অভিনয় কৰি “মঞ্চজ্যোতি “মিনি থিয়েটাৰত ৰজা-প্ৰজাৰ অভিনয়ৰে ভিন্ন ঠাইৰ দৰ্শকৰ মাজত আকৰ্ষিত হ’বলৈ সক্ষম হৈছিল ৷

নাট্যজগতত হাঁহি কান্দোনৰ সৃষ্টি কৰি অহা এইজন  অভিনেতাই পিপলিবাৰী নাট্য সমিতি ,ষোলমাৰাৰ নাৰায়ণ অপেৰা,বৰশিমলুগুৰিৰ যাত্ৰাদল উত্তোৰণ থিয়েটাৰ আদিত অভিনয় কৰাৰ উপৰি বাক্সা জিলাৰ বিভিন্ন শিল্পী সমাজৰ লগত  একেৰাহে কেবাবছৰ ধৰি তেওঁ জড়িত আছিল ৷ কিন্তু ৬৪ বছৰীয়া এই গৰাকী অভিনেতাই এতিয়া নিজৰ জীৱন আৰু জীয়াই থকাৰ  বাবে কষ্ট অনুভৱ কৰিব লগা হৈছে ।কাৰণ পৰিয়ালৰ কোনো সদস্যৰে নাই চৰকাৰী চাকৰি ৷ বিভিন্ন সম্বৰ্ধনা পত্ৰ ,অভিনন্দন পত্ৰ সমূহকে চাই ভাগৰি পৰিছে ৰমেশ ডেকা ।লগতে এতিয়াও শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে ৰমেশ ডেকা।সেয়েহে বাক্সা আৰু বৰমাবাসী ৰাইজ , শিল্পী সমাজ তথা বিভিন্ন দল- সংগঠনে এই গৰাকী শিল্পীক শিল্পী পেঞ্চন দিবলৈ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

Exit mobile version