কাগজৰ বেগৰ পৰা পোছাক তৈয়াৰ কৰিলে নৃত্যশিল্পী এচলে পেৰীয়ে

perrie

অষ্ট্ৰেলিয়াৰ নৃত্যশিল্পী এচলে পেৰীৰ বাবে চলিত বৰ্ষটো যথেষ্ট আনন্দৰেই আৰম্ভ হৈছিল।এটি নৃত্য দলৰ স’তে বিশালকায় জাহাজ এম এছ জানডামৰ স’তে আৰম্ভ কৰিছিল যাত্ৰা ।লক্ষ্য আছিল দক্ষিণ আমেৰিকা। এন্টাৰ্কটিকাৰ পেংগুইন আৰু সমুদ্ৰিক সিংহৰ দল চোৱাৰ সপোন আছিল ।কিন্ত যাত্ৰাৰ বিশ্বজুৰি আৰম্ভ হ’ল কৰ’নাৰ সংক্ৰমণ।ফলত ইউৰোপত প্ৰৱেশ কৰা জানডামে লংগৰ পেলালে নেদাৰলেণ্ডত।তলাবন্ধ আৰম্ভ হোৱাত ৬০ দিনৰো অধিক দিন থাকিবলগীয়া হয় জাহাজতে।

এই সময়ছোৱাত শতাধিক যাত্ৰী তথা ক্ৰু’ সদস্য আক্ৰান্ত হয় কৰ’নাত।অৱশ্যে পাছত বিমানযোগে অষ্ট্ৰেলিয়াৰ নিজ গৃহ চহৰ পাৰ্থত উপস্থিত হয় পেৰী ।পাৰ্থত দুসপ্তাহৰ বাধ্যতামূলক দুসপ্তাহৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত নিজকে আবদ্ধ কৰি ৰাখে হোটেলৰ কক্ষত ।এই সময়ছোৱাতে এক অভিনৱ শিল্পকৰ্মত নিজৰে নিয়োজিত কৰে পেৰীয়ে।

কোৱাৰেণ্টাইনত থকাৰ সময়ছোৱাত কাগজৰ বেগত পেৰীক খাদ্য দি গৈছিল হোটেলৰ কৰ্মীসকলে ।তেনে কাগজৰ বেগ আৰু নেপকিন পেপাৰ ব্যৱহাৰ কৰি নিত্য নতুন পোছাক তৈয়াৰ কৰি গৈছিল পেৰীয়ে ।কাগজৰ বেগৰে তৈয়াৰী এই পোছাক দেখাৰ পাছত চমক সৃষ্টি হৈছিল ফেশ্বন জগতত ।পেৰীয়ে তৈয়াৰ কৰা পোছাকৰ ভিতৰত মুখ্যতঃ বেলে নৃত্যৰ পোছাক ,টেনিছ খেলাৰ পোছাক ,কেটৱাক ষ্টাইলৰ পোছাক আদিও আছে ।এনে পোছাকৰ নাম দিয়া হৈছিল মূলতঃ দ্য মাৰিয়া পেপাৰ পোভা,কুইন কোৱাৰাণ্টিনা আদি ।

পেৰীৰ প্ৰথম আৱিষ্কাৰ গাউনখনৰ নাম দিয়া হৈছিল ‘আৰিগামি ডিভ’।এনে পোছাক বিলাকত এযোৰ কাচি, ষ্ট্ৰিকি টেপৰ বাণ্ডোল তথা তুলা আদিও কাগজৰ ওপৰত ব্যৱহাৰ কৰা হৈছিল।পেৰীয়ে বৰ্তমান আপোন ঘৰত উপস্থিত হ’ব পৰা নাই ।দীর্ঘ সমুদ্ৰ যাত্ৰা কৰা পেৰীয়ে পাৰ্থত উপস্থিত হোৱাৰ পাছত মন বিষন্ন হৈ পৰা বুলিও জনায় ;কিন্ত নিজে কৰা কাগজৰ পোছাকক লৈ যথেষ্ট আনন্দিত।আনহাতে, মানসিক চাপত ভোগা নাৰীসকলৰ বাবে কাম কৰা বহু স্বেচ্ছাসেৱী সংস্থাই যোগাযোগ কৰিছে পেৰীৰ স’তে ।সম্প্ৰতি পেৰীও প্ৰস্তুত হৈ আছে পুনৰ নতুন কোনো চমক সৃষ্টিৰ বাবে ।

Exit mobile version