কেবিনেটৰ সিদ্ধান্ত উলংঘা কৰি বৃদ্ধি কৰা মূল্যতে বিক্ৰী অব্যাহত সুৰা

ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত উলংঘাৰে বৃদ্ধি কৰা সুৰাৰ অতিৰিক্ত মূল্য হ্ৰাস আজিও বৃদ্ধি নাপালে ৷ বৰঞ্চ ইটোৰ পিছত সিটো নিৰ্দেশনা জাৰি কৰাৰ ছলেৰে সুৰা কোম্পানীসমূহক লুন্ঠনৰ বাট মোকলাই দিছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে ৷ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ ৰাজকোষ। উল্লেখ্য যে তলাবন্ধৰ বাবে ৰাজকোষত সৃষ্টি হোৱা ঘাটি পূৰণৰ বাবে যোৱা আঠ মে’ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে সুৰাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত ২৫ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷সেইমৰ্মে আবকাৰী বিভাগে যোৱা ন মে’ত এই সম্পৰ্কত প্ৰকাশ কৰে এক ৰাজপত্ৰ ৷ কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক অংগুষ্ঠ প্ৰদৰ্শনেৰে সুৰা কোম্পানীৰে গোপন বুজাবুজি কৰি আবকাৰী বিভাগে সুৰাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত ২৫ শতাংশ কৰ আৰোপ কৰাৰ পৰিৱৰ্তে ৩৪ শতাংশৰ পৰা ৯০ শতাংশলৈকে সুৰাৰ দাম বৃদ্ধিৰ সুযোগ প্ৰদান কৰে। এই ক্ষেত্ৰত নেতৃত্ব বহন কৰে বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত সঞ্জীৱ কুমাৰ মেধিয়ে ৷

ইয়াৰ সুযোগতে সুৰা কোম্পানীসমূহে সুৰাৰ মূল্যবৃদ্ধি ঘটাই ৰাজকোষৰ পৰিৱৰ্তে নিজৰ মুনাফা লুটিবলৈ লয় ৷এইদৰে কেবিনেটৰ সিদ্ধান্ত উলংঘা কৰি সুৰাৰ মূল্যবৃদ্ধিৰ সম্পৰ্কত “দৈনিক অগ্ৰদূত”ৰ তথ্যসহকাৰে একাধিক প্ৰতিবেদন প্ৰকাশৰ পাছতে সুৰা কোম্পানীসমূহক অতিৰিক্তভাৱে বৃদ্ধি কৰা মূল্য হ্ৰাস কৰিবলৈ একেজন বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্তই চৰকাৰী বন্ধৰ দিনাও জাৰি কৰে নিৰ্দেশনা ।এই সম্পৰ্কীয় নিৰ্দেশনা জৰিয়তে সুৰাৰ অতিৰিক্ত বৰ্ধিত মূল্য হ্ৰাস সম্পৰ্কীয় তালিকা দাখিলৰ অন্তিম দিন আছিল বুধবাৰে। সেইমৰ্মে সুৰা কোম্পানীসমূহে কালিৰ ভিতৰত তালিকা দাখিল কৰে ৷ কিন্ত পুৰণি মূল্যৰ নিৰিখ সঠিকভাৱে নিৰীক্ষণৰ অজুহাত দি অতিৰিক্তভাৱে বৃদ্ধি কৰা মূল্যতে আজিও সুৰা বিক্ৰীৰ সুযোগ অব্যাহত ৰাখে আবকাৰী বিভাগে ৷ এনে পৰিপ্ৰেক্ষিতত দৈনিক অগ্ৰদূতৰ পৰা যোগাযোগ কৰাত আবকাৰী বিভাগৰ আয়ুক্ত মেধিয়ে কয়”এতিয়া মই এই বিষয়ত আলোচনা কৰিব নোৱাৰিম ৷ মই ব্যস্ত আছো।” লগতে ফোনৰ সংযোগ বিছিন্ন কৰে ৷ ফলত যোৱা ১১ মে’ৰ পৰা সুৰা কোম্পানীয়ে আজি পৰ্যন্ত কেবিনেট সিদ্ধান্ত উলংঘাৰে বৃদ্ধি কৰা অতিৰিক্ত মূল্যত সুৰা বিক্ৰী কৰি থকাৰ সুযোগ পাইছে।

Exit mobile version