অংকিতাৰ স’তে সম্পৰ্ক শেষ কৰি অনুতপ্ত হৈছিল সুশান্ত সিং ৰাজপুত

sushant singh rajput ankita lokhande photos

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত সম্প্ৰতি আৰক্ষীয়ে ক্ষিপ্ৰ গতিৰে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ মেনেজাৰকো জেৰা কৰে ৷ কিন্তু দীৰ্ঘদিন ধৰি সুশান্তে মানসিক ৰোগৰ চিকিৎসা কৰা মনোৰোগ বিশেষজ্ঞজনে আৰক্ষী আগত সদৰী কৰে যে সুশান্তে প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেক পাহৰিব পৰা নাছিল ৷ অংকিতাৰ লগত প্ৰেম বিচ্ছেদৰ কাৰণে অনুতপ্ত হৈছিল সুশান্ত। মনোৰোগ বিশেষজ্ঞ ড° কেসৰী ক্ষেত্ৰীয়ে আৰক্ষীক কয় “অংকিতাৰ লগত সম্পৰ্ক শেষ হোৱাৰ দুখ সুশান্তৰ আছিল। ইয়াৰ কাৰণে অনুতপ্ত হৈছিল সুশান্ত। লগতে বিগত এবছৰৰ পৰা সুশান্ত ডিপ্ৰেছনত আছিল ৷ আৰু নিশা তেওঁৰ টোপনি অহা নাছিল ৷ প্ৰায়ে মনলৈ বিভিন্ন ধৰণৰ ভাব আহিছিল সুশান্তৰ ৷অংকিতাৰ লগত ব্ৰেকআপৰ পিছতো সকলো ঠিকেই আছিল ৷ কিন্তু প্ৰেমৰ ক্ষেত্ৰত এটাৰ পিছত আনটোৰ সম্পৰ্কৰ ভাঙোনে ভাঙি পেলাইছিল সুশান্তৰ হৃদয় ৷

ইয়াৰ পিছতে সুশান্তৰ অনুভৱ হৈছিল অংকিতাতকৈ তেওঁক আৰু কোনেও ভাল পাব নোৱাৰে।” আনহাতে বলীউডৰ আন এগৰাকী অভিনেত্ৰী কৃতি সেনন আৰু এজন পৰিচালকৰ জীয়ৰীৰ লগতো সুশান্তৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্তু এই প্ৰেমো সফল হোৱা নাছিল। ইয়াৰ পিছত গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতো প্ৰেমৰ সম্পৰ্ক সুখকৰ নাছিল ৷ প্ৰায়ে কন্দলত লিপ্ত হৈছিল সুশান্ত আৰু ৰিয়া। সুশান্তৰ আত্মহত্যা প্ৰসংগত বৃহস্পতিবাৰে দুপৰীয়া আৰক্ষীয়ে ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰে ৷প্ৰায় নঘন্টা ধৰি ৰিয়াই আৰক্ষীৰ আগত সুশান্তৰ ব্যক্তিগত জীৱনৰ কথা সদৰী কৰে ৷ৰিয়া আৰু সুশান্তে চলিত বৰ্ষৰ শেষৰফালে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল ৷

আনহাতে এসমৰ জি টিভৰ জনপ্ৰিয় ধাৰাবাহিক “পবিত্ৰ ৰিস্তা”ত একেলগে অভিনয় কৰিছিল সুশান্ত আৰু অংকিতাই ৷ প্ৰথমে বন্ধু আৰু তাৰ পিছত প্ৰেমলৈ ৰূপান্তৰিত হোৱা অংকিতা আৰু সুশান্তক আদৰি লৈছিল অনুৰাগীয়ে। কিন্তু তেওঁলোকৰ প্ৰেম সফল নহ’ল ৷ আত্মহত্যা কৰাৰ পিছতে শেষ বাৰৰ কাৰণে সুশান্তৰ কাষত উপস্থিত হৈছিল গৈ অংকিতা ৷ কৰ’না ভাইৰাছ কাৰণে কেৱল ২০ জন লোকক উপস্থিত থাকিবলৈ দিয়াৰ কাৰণে সুশান্তৰ অন্ত্যোষ্টিক্ৰিয়াত যাব নোৱাৰিলে অংকিতা ৷ ইয়াৰ পিছত সুশান্তৰ ঘৰত উপস্থিত হৈ শোকত ভাগি পৰা দেখা গ’ল অংকিতা লোখণ্ডেক ৷ ইতিমধ্যে, সুশান্তৰ আত্মহত্যাৰ খবৰে জোকাৰি গৈছে বলীউড ৷ সকলোৱে আশা কৰিছে সুশান্তৰ আত্মহত্যা উচিত তদন্ত হওক ৷

Exit mobile version