কৰ’নাৰ আতংকৰ মাজতে চিৰাজুলিৰ ৰঙাগড়াত ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

IMG 20200619 165523

বিকশিত অসমৰ নগ্ন ৰূপ ৷ শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ চিৰাজুলি পঞ্চায়তৰ ৰঙাগড়াত জৰাজীৰ্ণ পথত যাতায়তৰ নামত দূৰ্ভোগ ভূগি অৱশেষত কৰ’না আতংকৰ মাজতে গাঁৱবাসী সদল-বলে ওলাই আহিল পথ মেৰামতি কৰিবলৈ ৷ হাতে হাতে কোৰ লৈ ৰঙাগড়াৰ ৰাইজে সামাজিক দূৰত্ব বৰ্তাই, মাস্ক পৰিধান কৰি বিধ্বস্ত পথটি মেৰামতি কৰি যাতায়তৰ সুবিধা কৰিলে ৷ উল্লেখ্য যে বৰছলা সমষ্টিৰ ৰঙাগড়াৰ এই পথটোৱেদি কেইবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে ৷ বিগত কে’বাবছৰ ধৰি পথটো তথৈবচ অৱস্থা হৈ থকাত উক্ত পথেৰে যাতায়ত কৰোঁতে যন্ত্ৰণাৰ ভূগিব লগা হৈছে ৰাইজে ৷

বিগত ১৫বছৰীয়া কংগ্ৰেছৰ শাসনত সুদৃষ্টি নপৰাৰ লগতে পৰিৱৰ্তনৰ কথাৰে গাদী দখল কৰা বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনেও মাটি এচপৰাও নিদিলে৷ স্থানীয় বিধায়ক গনেশ লিম্বু তথা গাওঁ পঞ্চায়তক ৰঙাগড়াৰ উক্ত পথটো নিৰ্মাণৰ বাবে আবেদন কৰি অহাৰ পিছতো সুফল নাপালে ৰাইজে ৷ সেইবাবে আজি গাওঁ খনৰ ৰাইজ ওলাই আহি হাতে হাতে কোৰ লৈ জৰাজীৰ্ণ পথটো মেৰামতি কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে ৷ এই সন্দৰ্ভত গাঁৱখনৰ বাসিন্দা চাইফুল ইছলামে কয় “বাৰিষা আহিলেই এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন সমস্যাৰ সন্মূখীন হ’ব লাগে ৷ বোকাৰ বাবে যান-বাহন চলাচল কৰাটো দুৰৰে কথা খোজকাঢ়ি বা চাইকেল চলাই যাবও নোৱাৰি ৷ নিৰ্বাচন আহিলেই চৰকাৰে বহু প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু বাস্তৱায়িত হোৱা নাই প্ৰতিশ্ৰুতিসমূহ ৷” এই ক্ষেত্ৰত চৰকাৰক অতি শীঘ্ৰেই পদক্ষেপ ল’বলৈ দাবী জনাই ৰাইজে ৷

Exit mobile version