পিতৃক অনুকৰণ কৰিবলৈ গৈ বিপদত শিশু

Master

পিতৃক অনুকৰণ কৰিবলৈ গৈ বিপদত চপালে এটি শিশুৱে ঘটনাটো সংঘটিত হয় গুজৰাটৰ ৰাজকোটত । শিশুটিৰ নাম প্ৰিয়াংশী । বয়স মাত্ৰ এবছৰ । পিতৃক সদায় হেলমেট পিন্ধা দেখি প্ৰিয়াংশীৰো মন গ’ল হেলমেট পিন্ধিবলৈ । সেয়েহে নিজে বিচাৰি উলিয়ালে হেলমেট সদৃশ বস্তু এটা । মাতৃৰ আখলত সদায় দেখি থকা প্ৰেছাৰ কুকাৰটোলৈ চকু গ’ল প্ৰিয়াংশীৰ । আগ-পিছ নভবাকৈ কণমানিজনীয়ে মূৰত হেলমেট বুলিয়ে পিন্ধি ল’লে প্ৰেছাৰ কুকাৰটো । ইয়াৰ পিছতে হ’ল অথন্তৰ ।

হেলমেট বুলি প্ৰেছাৰ কুকাৰটো পিন্ধি ল’লেও খুলিব কিন্ত নোৱাৰিলে । কন্যাৰ অৱস্থা দেখি হাহাকাৰ লাগিল পৰিয়ালটোৰ মাজত । কন্যাক লৈ উপস্থিত হ’লগৈ হাস্পতালত । এখন-দুখনকৈ চাৰিখন হাস্পতালৰ চিকিৎসক আহি লগ লাগিল প্ৰিয়াংশীক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ । প্ৰিয়াংশীক হাস্পতাললৈ অনাৰ সময়ত মূৰত অক্ষত অৱস্থাতে আছিল প্ৰেছাৰ কুকাৰটো । অস্থিৰ পৰা শিশুৰোগ পৰ্যন্ত সংশ্লিষ্ট বিশেষজ্ঞ চিকিৎসক সকলে প্ৰেছাৰ কুকাৰটো উলিয়াবলৈ চেষ্টা কৰিলে ।

অৱশ্যে অৱশেষত এজন ড্ৰিল মিস্ত্ৰীয়ে প্ৰিয়াংশীৰ মূৰৰ পৰা কাটি উলিয়াই প্ৰেছাৰ কুকাৰটো । হাস্পতাললৈ অনাৰ পূৰ্বে পৰিয়ালৰ লোকসকলে প্ৰিয়াংশীৰ মূৰৰ পৰা প্ৰেছাৰ কুকাৰটো উলিয়াবলৈ সকলো ধৰণৰ চেষ্টা কৰে যদিও সক্ষম নহ’ল ।পৰিয়ালৰ এনে প্ৰচেষ্টাত কণমানিজনীয়ে আঘাতপ্ৰাপ্তহে হ’বলগীয়া হয় । সম্প্ৰতি সম্পূৰ্ণভাৱে বিপদমুক্ত প্ৰিয়াংশী । প্ৰিয়াংশীৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে চলি আছে নে নাই সেই কথা জানিবলৈ চিকিৎসকে পৰ্যবেক্ষণত ৰাখিছে ।

 

Exit mobile version