সীমান্তত উত্তেজনাঃ ১০ জন ভাৰতীয় সেনাক মুকলি চীনৰ

F4FCF57F DE21 46BA 80EE

ভাৰত আৰু চীন সীমান্তৰ উত্তেজনা অব্যাহত আছে ৷ ইতিমধ্যে চীনে বন্দী কৰি লোৱা ১০ জন ভাৰতীয় সেনাক মুকলি কৰি দিয়ে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ভাৰতীয় সেনাৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা লাভ কৰা নাই । গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘৰ্ষত ২০ জন সৈনিক শ্বহীদ হয় ভাৰতৰ  ৷ এই সংঘৰ্ষত চীনৰো প্ৰায় ৪০ জন সৈনিকৰ মৃত্যু হয়  ৷ ইফালে ভাৰত আৰু চীন সীমান্তৰ উত্তেজনাক সমাধান কৰিবৰ কাৰণে চীন আৰু ভাৰতৰ মেজৰ জেনেৰেলে বিগত তিনিদিন ধৰি বৈঠক অনুষ্ঠিত কৰিছে । প্ৰায় ৬ ঘন্টা পৰ্যন্ত হোৱা এই বৈঠকত কি কি আলোচনা হৈছে ৷ এই সম্পৰ্কত এতিয়াও কোনো কথা পোহৰলৈ অহা নাই ৷

 

Exit mobile version