আঁকোৰগোজ ৰঙা চীনঃ পঞ্চম বাৰৰ কাৰণে ভাৰতক দোষাৰোপ ৰঙা চীনৰ

Ladakh road

গালৱান উপত্যকাৰ সন্দৰ্ভত ভাৰতক দোষাৰোপ কৰিবলৈ এৰা নাই ৰঙা চীনে । আজি পুনৰ পঞ্চমবাৰৰ কাৰণে বৈদেশিক মন্ত্ৰ্যালয়ৰ প্ৰবক্তা ঝাও লিজিয়নে কয় যে গালৱান উপত্যকা চীনৰ । ভাৰতীয় সেনাই ইয়াত পথ আৰু দলং নিৰ্মাণ কৰিছে ৷ চীনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে বিগত চাৰি দিনতৰ পৰা প্ৰত্যেক বাৰেই মন্তব্য কৰি আহিছে যে ১৫ জুনৰ বিয়লি ভাৰতীয় সৈনিকে চুক্তি অমান্য কৰিছে ৷ আৰু চীনৰ সৈনিকসকলৰ ওপৰত আক্ৰমণ কৰিছে ৷ গতিকে ভাৰত চীন সীমান্তৰ সংঘৰ্ষৰ কাৰণে সম্পূৰ্ণ দায়ী ভাৰত বুলি মন্তব্য কৰে ঝাও লিজিয়নে । লগতে গালৱান উপত্যকা প্ৰকৃততে চীনৰহে বুলি প্ৰকাশ কৰে লিজিয়নে ৷

ইফালে গালৱান উপত্যকাত ভাৰত চীন সীমান্ত সংঘৰ্ষৰ পিছত শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰে ৷ এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ সৈনিকসকলক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে ৷ আমাৰ সীমাত কোনো সোমাব নোৱাৰে আৰু আমাৰ সীমান্তত কোনেও প্ৰবেশ কৰা নাই । লগতে ২০ জন সৈনিক শ্বহীদ হ’লেও দেশক প্ৰত্যাহ্বান জনোৱা বিপক্ষক এটা শিক্ষা দি থৈ গৈছে তেওঁলোকে । শ্বহীদ জোৱানসকলে দেশৰ কাৰণে দিয়া আত্ম বলিদানক সকলোৱে মনত ৰাখিব । উল্লেখযোগ্য যে ১৫ জুনত ভাৰত চীন সীমান্তত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ জন শ্ৰমিক শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ প্ৰায় ৪০ জন সৈনিকক প্ৰাণ হেৰুৱাই ৷

Exit mobile version