নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

51ad2efe49dbc.image

অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া আনোৱাৰা বেগম ওৰফে তাকানিক। মহিলা ড্ৰাগছ মাফিয়া হিচাপে কুখ্যাত আনোৱাৰা ওৰফে তাকানিকে তেওঁৰ বিভিন্ন এজেন্টৰ জৰিয়তে নগাঁও জিলাৰ লগতে আন বহু জিলাতেই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। নগাঁও ৰেল ষ্টেচনৰ সমীপৰ চাৰিখুঁতিৰ বাসগৃহৰ পৰাই তেওঁ ড্ৰাগছৰ সৰবৰাহ কৰি আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বিভিন্ন সময়ত নগাঁও আৰক্ষীয়ে তেওঁৰ বাসগৃহত বহু বাৰ অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল যদিও বাৰে বাৰে তেওঁ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়।

নগাঁও আৰক্ষীয়ে এই মহিলা ড্ৰাগছ মাফিয়া গৰাকীৰ বিৰুদ্ধে বিগত ২০১৯তে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২২(চি)/২৫এন ডি পি এছ ৰ অধীনত ২৯৮১/২০১৯ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল । কিন্তু অতি চতুৰ ড্ৰাগছ মাফিয়া গৰাকীয়ে এবছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল। অৱশেষত যোৱা নিশা প্ৰায় ১১বজাত নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও ষ্টেচনৰ চাৰিখুটিৰ পৰা লেডি ড্ৰাগছ মাফিয়া আনোৱাৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ স্মৰ্তব্য যে, ধৃত ড্ৰাগছ মাফিয়া গৰাকী নগাঁও আৰক্ষীৰ ম’ষ্ট ৱান্টেড আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত সোধপোছ কৰি আজি মহিলা গৰাকীক নগাঁও আদালতত হাজিৰ কৰোৱাৰ অন্তত জেললৈ প্ৰেৰণ কৰা হয়।

Exit mobile version