নাজিৰা বিহুবৰত জঘন্য ঘটনা ♦ ডাইনী সন্দেহত এজক হত্যাৰ অপচেষ্টা

333

বিজ্ঞান- প্ৰযুক্তি বিদ্যাৰ চৰম উৎকৰ্ষৰ যুগত আজিও এচাম লোকে অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনী সন্দেহতে জঘন্য ঘটনা সংঘটিত কৰিছে। তেনে এক অন্ধবিশ্বাসৰ কৱলত পৰি নাজিৰাৰ বিহুবৰ ওপৰ নামচাই এলেকাত এচাম উম্মত্ত লোকে ডাইনীৰ সন্দেহত বাদল চাউৰা (৬০) এজন ব্যক্তিক লাঠিৰে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি যোৱা নিশা অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে ব‍্যক্তিজনক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই প্ৰচণ্ড মাৰপিট কৰাত তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে।ইফালে এই ঘটনাৰ খৱৰ পাই নাজিৰা চক্ৰ আৰক্ষী বিষয়া দিপক সুত্ৰধৰ, বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ সিংগাম আৰু সহ পৰিদশক ৰিতুল দাসৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ এটি বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে উম্মত্ত জনতাৰ কৱলৰ পৰা মুমুষ অৱস্থাত ভুক্তভোগী বাদল চাউৰাক উদ্ধাৰ কৰি ততালিকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ডাইনীৰ সন্দেহত বাদল চাউৰাক হত‍্যাৰ অপচেষ্টা চলোৱা উম্মত্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।এনে এক পৰিস্থিতিৰ মাজতে কালি নিশাই আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত গোবিন চাউৰা,আনন্দ চাউৰা,ৰাজু চাউৰা,অনিল চাউৰা,শিৱা চাউৰা নামৰ যুৱককেইজনক ঘটনাস্থলীৰ পৰা আটক কৰে । কিন্তু অঞ্চলটোৰ একাংশ ৰাইজে উক্ত যুৱককেইজনক আটক কৰাত বাধা প্ৰদানৰ চেষ্টা কৰাৰ লগতে পৰৱৰ্তী সময়ত বিহুবৰ থানা চৌহদত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ।একাংশ উত্তেজিত ৰাইজে যুৱককেইজনক মুকলি কৰি দিবলৈ দাবী জনাই থানা ঘেৰাও কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিহুবৰ আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰখাৰ লগতে আজি শিৱসাগৰ জিলা সহকাৰী আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা বিহুবৰত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যালোচনা কৰে ।আনহাতে আজি আৰক্ষীয়ে আন এক অভিযান চলাই এই ঘটনাৰ লগত জড়িত অঞ্চলটোৰ যশমিল চাউৰা, মহেশ চাউৰা, বিপদ চাউৰা, আৰু তীৰনাথ চাউৰাক গ্ৰেপ্তাৰ কৰে। ধৃত আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰজু কৰি বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰে

Exit mobile version