লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন। আৰু এই বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি শাসকীয় দল বিজেপিয়ে হাতত লৈছে ভিন্ন পন্থা।তেনে এক পন্থা আৰু লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত বিজেপিয়ে চলালে জন সম্পৰ্ক অভিযান। হামৰেণবাসীৰ পদূলিয়ে পদূলিয়ে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং স্বয়ং উপস্থিত হৈ হামৰেণৰ বৃহত্তৰ অঞ্চলত চলালে এই জন সম্পৰ্ক অভিযান। উল্লেখযোগ্য যে জন সম্পৰ্ক অভিযানত বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত সময়ছোৱাত দেশ, ৰাজ্য অথবা পাহাৰীয়া অঞ্চলবোৰত কেনে ধৰণৰ পৰিৱৰ্তন আনিলে, কি কি চৰকাৰী আঁচনি ৰূপায়ন কৰিলে, ৰাইজৰ বৃহৎ স্বাৰ্থত কি আৰু কেনেধৰণৰ উন্নয়ন সাধন কৰিলে সেই সম্পৰ্কে অৱগত কৰে ৰাইজৰ আগত। সমান্তৰালকৈ বৰ্তমানত ৰাইজে সন্মুখীন হৈ থকা অভাৱ অভিযোগ আদিৰ বিষয়ে সোধা-পোছা কৰে তিমুঙে। বিপৰীতে ৰাইজে সন্মুখীন হৈ থকা অভাৱ অভিযোগ আদি আগন্তুক দিনত শীঘ্ৰে সমাধান কৰিব বুলি মন্তব্য কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত হামৰেণবাসী ৰাইজক বিজেপিত ভোট দান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় মঙ্গলছিং তিমুঙে। কাৰণ বিজেপি চৰকাৰৰ দিনতহে পাহাৰীয়া জিলাখনত সৰ্বাংগীন উন্নয়ন সাধনৰ ক্ষেত্ৰত অন্য এক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে আৰু অনাগত দিনতো এই চৰকাৰে পাহাৰীয়া জিলাখনত আৰু অধিক পৰিবৰ্তন ঘটাব পাৰিব বুলিও মন্তব্য কৰে তিমুঙে। আজিৰ এই অভিযানত হামৰেন পৰিষদীয় সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ, হাৰলংচৰা বহুমূখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, জয়ছিং ৰংহাং, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, কাৰ্বি পৰিষদৰ বিভিন্ন বিভাগৰ বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰণ, ৰঞ্জিত টেৰণকে আদি কৰি ভালে সংখ্যক বিজেপি নেতা কৰ্মী উপস্থিত থাকে।
পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত বিজেপিৰ জন সম্পৰ্ক অভিযান
-
By publisher

ADVERTISEMENT
- Categories: Assam, News, Politics
- Tags: Assam BJPElection AssamKARBI ANGLONG
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025