লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন। আৰু এই বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি শাসকীয় দল বিজেপিয়ে হাতত লৈছে ভিন্ন পন্থা।তেনে এক পন্থা আৰু লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত বিজেপিয়ে চলালে জন সম্পৰ্ক অভিযান। হামৰেণবাসীৰ পদূলিয়ে পদূলিয়ে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং স্বয়ং উপস্থিত হৈ হামৰেণৰ বৃহত্তৰ অঞ্চলত চলালে এই জন সম্পৰ্ক অভিযান। উল্লেখযোগ্য যে জন সম্পৰ্ক অভিযানত বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত সময়ছোৱাত দেশ, ৰাজ্য অথবা পাহাৰীয়া অঞ্চলবোৰত কেনে ধৰণৰ পৰিৱৰ্তন আনিলে, কি কি চৰকাৰী আঁচনি ৰূপায়ন কৰিলে, ৰাইজৰ বৃহৎ স্বাৰ্থত কি আৰু কেনেধৰণৰ উন্নয়ন সাধন কৰিলে সেই সম্পৰ্কে অৱগত কৰে ৰাইজৰ আগত। সমান্তৰালকৈ বৰ্তমানত ৰাইজে সন্মুখীন হৈ থকা অভাৱ অভিযোগ আদিৰ বিষয়ে সোধা-পোছা কৰে তিমুঙে। বিপৰীতে ৰাইজে সন্মুখীন হৈ থকা অভাৱ অভিযোগ আদি আগন্তুক দিনত শীঘ্ৰে সমাধান কৰিব বুলি মন্তব্য কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত হামৰেণবাসী ৰাইজক বিজেপিত ভোট দান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় মঙ্গলছিং তিমুঙে। কাৰণ বিজেপি চৰকাৰৰ দিনতহে পাহাৰীয়া জিলাখনত সৰ্বাংগীন উন্নয়ন সাধনৰ ক্ষেত্ৰত অন্য এক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে আৰু অনাগত দিনতো এই চৰকাৰে পাহাৰীয়া জিলাখনত আৰু অধিক পৰিবৰ্তন ঘটাব পাৰিব বুলিও মন্তব্য কৰে তিমুঙে। আজিৰ এই অভিযানত হামৰেন পৰিষদীয় সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ, হাৰলংচৰা বহুমূখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, জয়ছিং ৰংহাং, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, কাৰ্বি পৰিষদৰ বিভিন্ন বিভাগৰ বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰণ, ৰঞ্জিত টেৰণকে আদি কৰি ভালে সংখ্যক বিজেপি নেতা কৰ্মী উপস্থিত থাকে।
পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত বিজেপিৰ জন সম্পৰ্ক অভিযান
-
By publisher

- Categories: Assam, News, Politics
- Tags: Assam BJPElection AssamKARBI ANGLONG
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026