বাঘজানৰ তৈলখাদ বন্ধ কৰিবলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অইললৈ জাননী

ddddddddddddd
অইল ইণ্ডিয়াৰ ভুলৰ বাবে বাঘজান তৈলক্ষেত্ৰত হোৱা ঘটনাৰ ২৪ দিনৰ পাছত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বাঘজান তৈলক্ষেত্ৰৰ সকলোবোৰ তেল আৰু গেছৰ খাদ বন্ধ কৰাৰ বাবে জাননী জাৰি কৰিছে ৷ তৈলক্ষেত্ৰ খনৰ বি জি আৰ-৫ খাদটোৰে ২৭ মে’ৰ পৰা নিৰ্গত হোৱা তেল আৰু গেছে বায়ু পানী আৰু মাটিৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ন জুনত খাদটোত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই পৰিবেশত অপুৰণীয় ক্ষতি কৰিছে ৷
পক্ষী উদ্যান মাগুৰি মতাপুং বিলৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ খাদটোৰ পৰা নিৰ্গত হোৱা তেলে ধংস কৰাৰ উপৰিও কানতাল মৰা শব্দ আৰু জুইৰ উত্তাপৰ বাবে আতংকিত হাজাৰ হাজাৰ লোক নিজৰ ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হোৱাৰ পাছত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই নিৰ্দেশ জাৰি কৰিছে ৷
 ইফালে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সাতটাকৈ স্থানত অইলক তেল খনন কৰাৰ বাবে এনভায়াৰমেন্ট ক্লিয়েৰেঞ্ছৰ প্ৰদান কৰাৰ এমাহৰ পাছত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ বাবে জাননী জাৰি কৰাৰ কথা অতি তাৎপৰ্যপুৰ্ণ ৷ অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ এটা সুত্ৰই প্ৰকাশ কৰা মতে বাঘজান তৈলক্ষেত্ৰত অইলে পৰিষদৰ কনচেন্ট টু এষ্টাবলিচ্‌ আৰু কনচেন্ট টু অপাৰেট অবিহনে কাম চলাই আহিছে ৷ সেয়েহে অইললৈ ১০ জুনত সাত দিনৰ সময়সীমা দি পৰিষদে এখন জাননী জাৰি কৰা বুলি প্ৰকাশ ৷ সাত দিনত অইলে এই জাননীৰ কি উত্তৰ দিয়ে সেইয়া পৰৱৰ্তী সময়ত লক্ষনীয় হব ৷
Exit mobile version