আৰক্ষীৰ জালত “চাইনাইড”মোহন

court hamGmeraCCd1122asaA1G1 1

কৰ্ণাটকৰ এখন স্থানীয় আদালতে চিৰিয়েল কিলাৰ “চাইনাইড” মোহনক দোষী সাব্যস্ত কৰে৷ চিৰিয়েল কিলাৰ মোহনে ২০০৯ ত কেৰেলাৰ কাচৰগোড”ত এগৰাকী যুৱতীক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে ৷উল্লেখযোগ্য যে মোহনৰ বিৰুদ্ধে ২০ টা হত্যাৰ গোচৰ আছে ৷ইয়াৰ ভিতৰত বহু মহিলাক অচেতন কৰি ধৰ্ষণ কৰাৰ পিছত “চাইনাইড” ব্যৱহাৰ কৰিছিল ৷ আনহাতে, হত্যাৰ সন্মুখীন হোৱা ২৫ বছৰীয়া মহিলাগৰাকীৰ কাচৰগড়ৰ এখন হোষ্টেলত ৰান্ধনী হিচাপে কৰ্মৰত আছিল ।

ADVERTISEMENT

২০০৯ চনৰ মোহনৰ স’তে চিনাকি হৈছিল মহিলাগৰাকী ৷কিছুদিনৰ পিছত প্ৰেমসূত্ৰে মোহনে মহিলাগৰাকীক বেংগালুৰুলৈ লৈ গৈছিল,তেতিয়া মহিলাগৰাকীয়ে পৰিয়ালৰ লোকক জনাইছিল যে তেওঁ বিবাহ পাশত আৱদ্ধ হৈছে ৷ অনতি পলমে ঘৰলৈ উভতি আহিব ৷ ইপিনে মোহনে মহিলাগৰাকীক এটা ল’জলৈ লৈ গৈছিল ।ইয়াৰ পিছদিনা মহিলাগৰাকীক মোহনে এটি ঔষধ খাবলৈ দিয়ে ৷মহিলাগৰাকীয়ে ঔষধটো খোৱাৰ পিছতেই মাটিত ঢলি পৰে। কাৰণ গৰ্ভনিৰোধক বুলি খোৱা ঔষধটো আছিল “চাইনাইড”৷ মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আনহাতে যিসময়ত এই মহিলাগৰাকীৰ মৃত্যু হৈছিল সেই সময়ত এখন সাধাৰণ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু সম্প্ৰতি মৃত মহিলাগৰাকীৰ ভগ্নীয়ে মোহনৰ ফ’টো চাই চিনিব পাৰি পুনৰ মোহনৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে ৷ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version