কাৰ্বি আংলং আৰক্ষীৰ অভিযানত আটক তিনি গড় চিকাৰী

WhatsApp Image 2020 06 21 at 12.42.40 PM

কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ বৃহৎ সাফল্য।আজি কেইবাহমাহ ধৰি অভিযান চলাই থকা কাজিৰঙাত ৫ টা গড় হত্যাত জড়িত মণিপুৰ চুৰাচান্দপুৰৰ ৩ গৰাকী দুৰ্ধষ চিকাৰীক শনিবাৰে নিশা কাৰ্বি আংলং আৰক্ষীয়ে কাজিৰঙাৰ কাষৰ পাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, আটকাধীন চোৰাং চিকাৰী কেইটাৰ পৰা এটা AK 81 ৰাইফলো জব্দ কৰে আৰক্ষীয়ে ৷ কিছুদিন পূৰ্বে এই দলটোৰে এজনৰ বনৰক্ষীৰ লগত হোৱা সংঘৰ্ষত কাৰ্বি আংলং জিলাৰ ৰঙাপাহাৰত ধনশিৰি সংৰক্ষিত বনাঞ্চলত মৃত্যু হৈছিল ৷

দলটোৰ আন তিনি গৰাকীক আৰক্ষীয়ে বকলীয়াঘাট, নগাঁও আৰু জখলাবন্ধাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ শনিবাৰে আটক কৰা চোৰাং চিকাৰী কেইজন হ’ল জনথাং ওৰফে থাংবয়, মুমিন ওৰফে অভাৰ চাইজ আৰু নিংমাইলুং ওৰফে লুলুন ৷ এই তিনি গড় চিকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হয় ৷ এই অভিযানটোৰ নেতৃত্বত আছিল কাৰ্বি আংলং আৰক্ষীৰ Dy SP নাহিদ আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস। অনাগত দিনত আৰু বহু গড় চিকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

Exit mobile version