কৰ’নাৰ পৰা সুস্থ হ’ল নিতুল

কি পজিটিভ, কি নিগেটিভ একোৱে বুজি নাপালো । শাৰীৰিক মানসিক ক’তোৱেই অস্বাভাৱিকতা নাই । সকলো স্বাভাৱিক ৷ তথাপি আখৰে আখৰে পালন কৰিছো চিকিৎসকে দিয়া সকলো পৰামৰ্শ ৷ এই ক্ষেত্ৰত মোৰ দেউতাও কঠোৰ ৷এই মন্তব্য কৰ’নাৰ পৰা সুস্থ হোৱা মহানগৰীৰ আজৰাৰ পূব মাজিৰগাঁও নিবাসী তথা ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অধ্যয়নৰত স্নাতক মহলাৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ নিতুল কাকতিৰ ৷দৈনিক অগ্ৰদূতৰ আগত নিজৰ অভিজ্ঞতাৰ বিৱৰণ দাঙি ধৰি শেহতীয়াকৈ কৰ’নাৰ পৰা সুস্থ হোৱা কাকতিয়ে কয় “মোৰ বন্ধু এজনৰ চিকিৎসাজনিত কাৰণত যোৱা ২১ মাৰ্চত বিমানেৰে হায়দৰাবাদলৈ গৈছিলো ৷ ২৩ মাৰ্চত পুনৰ বিমানেৰে উভতি অহাৰ কথা আছিল । ইয়াৰ কাৰণে টিকটো কৰা হৈছিল ৷”

কিন্তু আগদিনা জনতা সান্ধ্য আইন থকা বাবে পিছদিনা বিমানকোঠত সময় মতে গৈ পাব পৰাকৈ যান বাহনৰ ব্যৱস্থা নাছিল । ফলত নিৰ্ধাৰিত সময়ত বিমানকোঠাত উপস্থিত হ’ব নোৱাৰাৰ কাৰণে হাইদৰাবাদতে আৱদ্ধ হ’বলগীয়া হৈছিল। ইয়াৰ পিছত বাছেৰে গুৱাহাটীলৈ আহি পুনৰ হোটেলত কোৱাৰেন্টাইনত থাকে ৷ এই কোৱাৰেন্টাইনত থকাৰ সময়তে ২২ মে’ত কাকতিৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰে ৷ স্বাস্থ্য বিভাগৰ লোকে এই বিষয়ে অৱগত কৰাত মা দেউতাৰ কথা ভাবি মনে মনে কিছু শংকিত হোৱাৰ কথা উল্লেখ কৰে ৷ লগতে কাকতিয়ে কয় যে, প্ৰথম নিশা এম এম চি হস্পিতালত উপস্থিত হোৱাৰ পিছত কোনো ধৰণৰ চিকিৎসা আগবঢ়োৱা নাছিল ৷ পিছদিনা বি কমপ্লেক্স, চি কমপ্লেক্স টেবলেট আঠটা, হাইড্ৰ’ক্সিক্ল’ৰকুইন ১০ টা টেবলেট দিয়ে ৷ চিকিৎসকে দিলে নে নাৰ্চে দিলে ক’ব নোৱাৰো ৷ ক’ভিড-১৯ ৱাৰ্ডত অহা সকলোৱে পি পি ই কিট পৰিধান কৰি আছে ৷ চাফাই কৰ্মীজনে যেতিয়া ৱাৰ্ডৰ কোঠা চাফা কৰে ৷ তেতিয়াহে বুজি পাওঁ সেইজন চাফাই কৰ্মী ৷

আনহাতে খাদ্যৰ ক্ষেত্ৰত নিতুল কাকতিয়ে প্ৰতি সাঁজতে পুষ্টিকৰ আহাৰ দিয়াৰ কথা উল্লেখ কৰে ৷ কৰ’নাত আক্ৰান্ত হ’লেও শাৰীৰিক অসুস্থতা নাছিল । গতিকে উদৰ পূৰাই খোৱাত বাধা নাছিল । কণী, মাছ, মাংস, পনীৰ, কল, মৌচুমী আপেলৰ পৰা আৰম্ভ কৰি গাখীৰ ফলৰ ৰসৰ পৰা আৰম্ভ কৰি সকলো আছিল । ইয়াৰ মাজতে ২৫ আৰু ২৬ মে’ত লেলাউটিৰ নমুনা, ২৭ মে’ত তেজৰ নমুনা সংগ্ৰহ কৰাৰ লগতে ২৮ মে’ত বুকুৰ এক্স ৰে কৰে ৷ সকলো ঠিকে ঠাকে থকাৰ পাছত ৩১ মে’ত ঘৰলৈ কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শৰে চিকিৎসকে সুস্থ ঘোষণা কৰে ৷ আনহাতে নিতুল কাকতিয়ে হাস্পতালতকৈ ঘৰত কঠোৰভাৱে নীতি নিৰ্দেশনা মানি চলাৰ সন্দৰ্ভতো সদৰী কৰে ৷

Exit mobile version