মধ্যস্থতাকাৰী হ’বলৈ সাজু ড’নাল্ড ট্ৰাম্প

200311210846 02 trump oval office address 0311 exlarge 169

এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত চীন সীমান্তৰ বিবাদ সমাধান কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে ৷ ট্ৰাম্পে শনিবাৰে “হুৱাইট হাউচ”ত ভাৰত চীন সীমান্তৰ সন্দৰ্ভত কয় যে “ইতিমধ্যে তাত পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ দুয়োখন দেশৰ অৱস্থা গম্ভীৰ হৈ পৰিছে ৷ আমি ভাৰত আৰু চীনৰ লগত কথা পাতি আছো ৷ এই সমস্যাক সমাধান কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় থাকিব ৷”

উল্লেখযোগ্য যে, ১৫ জুনৰ নিশা গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈনিকৰ মাজত সংঘৰ্ষ সৃষ্টি হয় । এই সংঘৰ্ষত ২০ জন সৈনিক শ্বহীদ হয় । আনহাতে চীনা প্ৰায় ৪৩ জন তকৈ অধিক সৈনিকৰ মৃত্যু হয় । ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পায় । ইপিনে ট্ৰাম্পে বিগত মাহতে ভাৰত আৰু চীনৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ প্ৰস্তাৱ দিছিল । ট্ৰাম্পে কৈছিল যদি ভাৰত আৰু চীনে সন্মতি প্ৰদান কৰে তেন্তে আমেৰিকাই মধ্যস্থতাকাৰী কৰিব পাৰে ৷ অৱশ্যে ভাৰত আৰু চীনে ট্ৰাম্পৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷

Exit mobile version