ভাৰত চীন সীমান্ত সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক

rajnath singh pti file 1592317674

ভাৰত চীন সীমান্তৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আজি দুয়োখন দেশৰ মাজত হৈছে এখন উচ্চ পৰ্যায়ৰ বৈঠক ৷ এই বৈঠকত অংশ লৈছে সেনাৰ মেজৰ জেনেৰেল সকলে ৷ এই বৈঠকত লাডাখৰ সীমান্তত হৈ থকা উত্তেজনা হ্ৰাস কৰাৰ সন্দৰ্ভত আলোচনা হৈছে । উল্লেখযোগ্য যে ভাৰত চীন সীমান্তক লৈ ৬ জুনৰ পৰা বৈঠক অনুষ্ঠিত হৈ আছিল যদিও সোমবাৰে দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়  ৷ এই সংঘৰ্ষত ভাৰতৰ ২০ জন সৈনিক শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ প্ৰায় ৪৩ জন জোৱানৰ মৃত্যু হয় ।

ইপিনে ভাৰত চীন সংঘৰ্ষৰ সম্পৰ্কত প্ৰতিবাৰেই ৰঙা চীনে দোষী সাব্যস্ত কৰি আহিছে ভাৰতক । লগতে গালৱান উপত্যকাত আধিপত্য বিস্তাৰ কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে চীনে ৷ ইয়াৰ মাজতে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ তিনিওটা সেনাবাহিনীক কঠোৰ অৱস্থান গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ চীনা সেনাবাহিনীয়ে আগ্ৰাসনৰ চেষ্টা চলালেই তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ কয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Exit mobile version