তলাবন্ধ গুৱাহাটী

Lockdown

আজিৰে গুৱাহাটীৰ ১১ টা ৱাৰ্ডত কামৰূপ মহানগৰ জিলা উপায়ুক্তই এক সংবাদমেল যোগে তলাবন্ধ ঘোষণা কৰিছে ৷ মহানগৰীৰ ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ ৱাৰ্ডৰ জনসাধাৰণে মানি চলিব লাগিব কিছুমান নিয়ম । তাৰ ভিতৰত

১. এই স্থানসমূহত কেন্দ্ৰ আৰু ৰাজ্যৰ আৰক্ষী মোতায়ন কৰা হ’ব ৷

২. ২০ জনতকৈ অধিক লোক যাব নোৱাৰিব কোনো লোকৰ শেষ যাত্ৰা ৷

৩. পিক পেলোৱাৰ ক্ষেত্ৰতো নিষিদ্ধ ঘোষণা কৰা হৈছে। পিক পেলালে সন্মুখীন হ’ব শাস্তিৰ ৷

৪. অত্যাৱশ্যকীয় সেৱাৰ লোকসকলে চলাফুৰা কৰিব পাৰিব ৷

৫. আনহাতে মাদক দ্ৰব্যৰ দোকানসমূহো বন্ধ থাকিব এই স্থানত ৷ সুৰা বিক্ৰীৰ ক্ষেত্ৰতো লকডাউন দিয়া স্থানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৬. গেলামালৰ দোকান,শাক পাচলি,গাখীৰ আদিৰ দোকান পুৱা ১০ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব ৷

৭. তলাবন্ধৰ বলবৎ হৈ থাকিবলগীয়া স্থানত চৰকাৰী বে চৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব ৷

৮. ৰাজহুৱা আৰু ব্যক্তিগত সকলো বাহন বন্ধ থাকিব তলাবন্ধ দিয়া ৱাৰ্ডত ৷কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন,স্বাস্থ্যখণ্ডত ব্যৱহাৰ হোৱা বাহন খোলা থাকিব ৷

৯. হোটেল, শিক্ষানুষ্ঠান, মন্দিৰ আদি সকলো সমাবেশ বন্ধ থাকিব ৷

১০. কিন্তু খোলা থাকিব বেংক, বীমা প্ৰতিষ্ঠান আৰু এটিএম।

১১. খোলা থাকিব সংবাদ মাধ্যমৰ লগত জৰিত প্ৰতিষ্ঠান।

১২. বিদ্যুত, ক’ল ষ্টৰেজ, ব্যক্তিগতখণ্ডৰ নিৰাপত্তা এজেন্সি আদি খোলা থাকিব ৷

১৩. অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী অব্যাহত থাকিব ৷

১৪. কোৱাৰেন্টাইন ক্ষেত্ৰত ব্যৱহাৰ হোৱা হোটেল,স্বাস্থ্যকৰ্মীক ৰখা হোটেল খোলা থাকিব ৷

১৫. শিশু খাদ্য,গাখীৰ বিতৰণ,ঔষধ বিতৰণ,পানীৰ বিতৰণ অব্যাহত থাকিব ৷

১৬. লগতে খোলা থাকিব ৰেলৱেৰ কাৰ্যালয় ৷

Exit mobile version