দৈ ৰে কৰক সৌন্দৰ্য্য চর্চা

qq
দৈ খোৱাতো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ।দৈয়ে ব্লাড প্ৰেছাৰৰ সমস্যা দূৰ কৰাৰ লগতে কলেষ্টৰেলৰ মাত্ৰা ও কম কৰে ।দৈ সেৱনে হাড় মজবুত কৰাৰ লগতে দাঁতো শক্তিশালী কৰি তোলে ।কিন্ত সৌন্দৰ্য্য চৰ্চাৰ ক্ষেত্ৰতো দৈয়ে  যাদুকৰী শক্তি ৰূপে কাম কৰে। ঘৰতে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ফেচপেক ,হেয়াৰ মাস্কত  দৈ ব্যৱহাৰ কৰি আমি ছাল আৰু চুলিৰ বহুত সমস্যাৰ পৰা মুক্তি পাব পাৰো । দৈয়ে ছাল আৰু চুলিৰ উজ্জ্বলতা বঢ়ায়।
তলত দৈৰে তৈয়াৰ কৰিব পৰা  কেইটামান ফেচপেক আৰু হেয়াৰ মাস্ক উল্লেখ কৰা হ’ল :

♦তিয়ঁহ আৰু দৈৰ ফেচপেক

এক চামুচ তিয়ঁহৰ ৰসৰ লগত দুই চামুচ দৈ ভালদৰে মিহলাই ল’ব লাগে ।মুখখন ভালদৰে ধুই সেই মিশ্ৰণতো ১৫মিনিটৰ বাবে মুখত লগাই থ’ব।পাছত মুখখন কুহুমীয়া গৰম পানীৰে ধুই পেলাব।এই ফেচপেকটোৱে পিগমেণ্টেচন, ছানবাৰ্ণ আঁতৰ কৰাত সহায় কৰে আৰু ছালৰ মৃত কোষ আঁতৰাই ছালখনৰ উজ্জ্বলতা বঢ়ায়।

♦বডী মাছাজ হিচাপে দৈ

একাপ ব্ৰাউন ছুগাৰ ,একাপ অলিভ অইল ,আধা কাপ দৈৰ লগত ডাঙৰ চামুচেৰে দুই চামুচ মৌ এটা পাত্ৰত ভালকৈ মিহলাই ল’ব । গা-ধোৱাৰ আগত এই মিশ্ৰণটো ভালদৰে গোটেই শৰীৰত লগাই  আঙুলিৰে বৃত্তাকাৰ ভাৱে মালিচ  কৰিব ।পাছত কুহুমীয়া পানীৰে গা ধুই পেলাব ।এই মিশ্ৰণ টোৱে ছালৰ ৰন্ধ্ৰ সমূহত সুমাই থকা অপৰিষ্কাৰ পদাৰ্থ সমূহ আঁতৰ কৰাৰ লগতে মৃত কোষ সমূহ  আঁতৰ  কৰি ছাললৈ উজ্জ্বলতা আনে।লগতে এন্টি এজিঙৰ সমস্যাও দূৰ কৰে এই পেক টোৱে ।

♦.হেয়াৰ পেক হিচাপে দৈ

ডাঙৰ চামুচেৰে দুই চামুচ দৈ ,ডেৰ চামুচ মৌ আৰু আধা চামুচ অলিভ অইল এটা পাত্ৰত ভালদৰে মিহলাই ল’ব ।এই মিশ্ৰণটো চুলিৰ গুৰিত ভালদৰে লগাই এটা স্বাৱাৰ কেপৰ সহায়ত চুলিখিনি কভাৰ কৰিব । ৩০মিনিটৰ পাছত চুলিখিনি ধুই পেলাব ।হেয়াৰপেক সদায় পৰিষ্কাৰ চুলিতহে লগাব ।
এই পেকটোৱে চুলি খিনি কোমল আৰু মিহি কৰি চুলিকোছাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে ।
এইদৰে প্ৰাকৃতিকভাৱে তৈয়াৰী এই উপাদান সমুহ ব্যৱহাৰ কৰি সদায় ধুনীয়া হৈ থাকক ।
Exit mobile version