যোগাত্মক ৰূপে পৰিগণিত ভাৰত চীন সীমান্তৰ আলোচনা

https cdn.cnn .com cnnnext dam assets 180426102455 xi jinping narendra modi tease

অৱশেষত সেনাৰ উচ্চ পৰ্যায়ৰ বহু বৈঠকৰ পিছত ভাৰত চীন সীমান্তৰ আলোচনা যোগাত্মক ৰূপে পৰিগণিত হৈছে ৷ কাৰণ দুয়োখন দেশৰ সেনা পূব লাডাখৰ পৰা পিছুৱাই যাবৰ কাৰণে সন্মতি প্ৰদান কৰিছে ৷ ইফালে সোমবাৰে প্ৰায় ১১ ঘন্টা জুৰি চলা ভাৰত আৰু চীনৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা হৈছিল ৷ এই আলোচনাত দুয়ো পক্ষই ভাৰত চীনৰ শান্তি বৰ্তাই ৰাখিবলৈ সিদ্ধান্ত লৈছিল ৷ ইতিমধ্যে সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱন ৰাওনা হৈছে লাডাখলৈ ৷

সেনা প্ৰধান নাৰাৱনে মংগলবাৰ আৰু বুধবাৰে লাডাখত কামাণ্ডাৰসকলৰ স’তে চীনা সৈন্যৰ সৈতে চলি থকা বিগত ছয় সপ্তাহজোৰা উত্তেজনাৰ সম্পৰ্কত আলোচনা কৰিব ৷ উল্লেখযোগ্য যে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ সন্দৰ্ভত এইবাৰ সাতদিনতে পিছুৱাই যাবলৈ বাধ্য হয় চীন ৷ ১৫ জুনত ভাৰত চীন সীমান্তত হোৱা সংঘৰ্ষত ২০ জন সৈনিক শ্বহীদ হৈছিল ৷ চীনৰ প্ৰায় ৪০ জন সেনাৰ মৃত্যু হয় ৷ ইয়াৰ পিছতে সীমান্তত ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল ৷

Exit mobile version