অৱশেষত আহিল সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট

20 04 2020 rajputrt

বহু তৰ্ক বিতৰ্কৰ অন্তত আহিল সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৷ ৰিপৰ্ট অনুসৰি সুশান্তৰ মৃত্যু ডিঙিত ফাঁচী লগোৱাৰ কাৰণেই হৈছে৷পাঁচজন চিকিৎসকৰ তত্ত্বাৱধানত তৈয়াৰ হোৱা এই ৰিপৰ্টত কোৱা হৈছে যে ডিঙিত ফাঁচী লগোৱাৰ কাৰণে উশাহ নিশাহ বন্ধ হৈ মৃত্যু হৈছে সুশান্তৰ ৷

আনহাতে সুশান্তে আত্মহত্যা কৰা প্ৰসংগৰ সন্দৰ্ভত পৰীক্ষা কৰিবলৈ মুম্বাই পুলিচে মহাৰাষ্ট্ৰ ফৰেণছিক বিভাগক দায়িত্ব দিছে ৷ইয়াৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী আছে ৷অৱশ্যে মুম্বাইৰ পুলিছে মহাৰাষ্ট্ৰ ফৰেণছিক বিভাগক ইয়াৰ পৰীক্ষা ক্ষিপ্ৰ গতিৰে কৰিবলৈ নিৰ্দেশ দিছে । ইফালে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পূৰ্বে সুশান্তৰ পৰিয়ালে এই সমগ্ৰ ঘটনা হত্যা নে আত্মহত্যা, সেই বিষয়ত চিবিআইৰ তদন্তৰ দাবী কৰিছিল ৷

সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত এতিয়ালৈকে ২৩ জন লোকক সোধপোছ কৰিছে ৷ইয়াৰ ভিতৰত সুশান্তৰ পৰিয়াল লোক,বন্ধু,পুৰণি মেনেজাৰ,ঘৰৰ কৰ্মচাৰী,গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী আদি ৷ বিগত সময়ত সুশান্তে আত্মহত্যা কৰাৰ পূৰ্বে কাৰ সৈতে কথা পাতিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷

সম্প্ৰতি সুশান্তে আত্মহত্যা কৰাৰ আগমুহূৰ্তত মেনেজাৰ উদয় সিং গৌৰীৰ লগত কোনো ছবিৰ সন্দৰ্ভত কথা পাতিছিল বুলি জানিব পৰা গৈছে। গতিকে তদন্ত আওতাত আহিব মেনেজাৰ উদয় সিং ৷ উল্লেখযোগ্য যে যিসমূহ সংবাদমাধ্যমে সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত বিভিন্ন দাবী কৰি আহিছে, সেইসমূহকো তদন্ত কৰিব পুলিচে। গতিকে,মুম্বাইৰ পুলিচ মহেশ ভাট্টৰ সন্দৰ্ভত প্ৰচাৰিত খবৰৰ ভিত্তি বিচাৰিও সংবাদমাধ্যমক তদন্ত কৰিব পাৰে।

Exit mobile version