গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ নকৰাকৈ কিয় উভতি আহিল অসম আৰক্ষীৰ দল ?

WhatsApp Image 2020 06 24 at 10.43.06 AM 1

বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত কলিকতাৰ বুদ্ধিজীৱি গৰ্গ চেতাৰ্জীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত কলিকতাৰ পৰা খালী হাতেই ওভতিবলগীয়া হ’ল অসম আৰক্ষীৰ দলে | উল্লেখ্য যে চেটাৰ্জীক গ্ৰেপ্তাৰৰ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ ডিচিপি (ক্ৰাইম) বৰুণ পুৰকাস্থ, ডিচিপি (ইণ্টেলিজেঞ্চ) পাহাৰী কোঁৱৰ, এচিপি (চাইবাৰ) নৱনীতা দাস আৰু উপ পৰিদৰ্শক দেৱজিৎ দাস উপস্থিত হৈছিল কলকাতাত। কিন্তু কলকাতাত গৈ ৰাইজৰ ৰোষত পৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় অসম আৰক্ষীৰ দলটো | আনকি লালবজাৰত অসম আৰক্ষীৰ দলটোৱে স্থানীয় আৰক্ষীৰ সহযোগ নোপোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে ।

উল্লেখ্য যে বিতৰ্কৰ বুদ্ধিজীৱিজনক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অসম আৰক্ষীৰ দলটোৱে স্থানীয় লোকে প্ৰতিবাদো সহ্য কৰিবলগীয়া হয়। কাৰো সহযোগিতা নাপায় অৱশেষত উপায়হীন আৰক্ষীৰ দলটোৱে গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ নকৰাকৈ খালি হাতে উভতি আহিবলগা হ’ল | বৰঝাৰ বিমানবন্দৰত আৰক্ষীৰ দলটো উপস্থিত হৈ পৰৱৰ্তী সময়ত পুনৰ চেতাৰ্জীক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষী দল কলকাতালৈ যাব বুলি তেওঁলোকে জানিবলৈ দিয়ে। সম্প্ৰতি আৰক্ষীৰ দলটোক হোটেল ৰেডিছন ব্লুত কোৱাৰেণ্টাইনত ৰখা হৈছে।

Exit mobile version