ধূলিৰ ধুমুহা

66593355 27a8 4077 bdf0 9a81f1ade634

দুহেজাৰ মাইল দীর্ঘৰ এজাক ধূলিৰ ধুমুহা অগ্ৰসৰ হৈছে আমেৰিকা মহাদেশ অভিমুখে।নাছাৰ এক উপগ্ৰহ চিত্ৰত প্ৰকাশ পাইছে এই তথ্য।উপগ্ৰহৰ চিত্ৰ অনুসৰি সম্প্ৰতি উত্তৰ আটলান্টিক মহাসাগৰৰ শেষত অৱস্থান কৰি আছে ধুমুহাজাকে;কিন্তু ধুমুহাজাকৰ শেষ অংশটো বৰ্তমানেও স্পষ্ট ৰূপত দেখিবলৈ পোৱা হোৱা নাই ।ফলত ধুমুহাজাক কিমান বৃহৎ হ’ব পাৰে সেই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট সিদ্ধান্ত ল’ব পৰা হোৱা নাই ।

এসপ্তাহ পূৰ্বৰ উপগ্ৰহ চিত্ৰখনত আফ্ৰিকা উপকূলৰ পৰা লাহে লাহে ধুমুহাজাকে আগবাঢ়িবলৈ লৈছিল।আশ্চৰ্যজনকভাৱে ধুমুহাজাক সম্পূৰ্ণভাৱে আফ্ৰিকা উপকূল এৰাগৈ নাই ।ইয়াৰ বিশালতাই এইবাৰ আশংকা বৃদ্ধিৰ অন্যতম কাৰণ ।উল্লেখ্য যে প্ৰতি বছৰে আফ্ৰিকাৰ উপকূলৰ পৰা চাহাৰা মৰুভূমি হৈ অহা এজাক ধূলিৰ ধুমুহাই আমেৰিকাত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে ধূলিৰ ধুমুহাজাকে প্ৰচণ্ড বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও এইবাৰ এই ধুমুহা অধিক ভয়াবহ হ’ব বুলি আশংকা কৰা হৈছে।

এই ধুমুহা জাকত আমেৰিকা মহাদেশত ক্ষয়-ক্ষতিৰ হাৰ অধিক বৃদ্ধি পাব ।ধূলিৰ ধুমুহাৰ ফলত মানুহে নিঃশ্বাসলোৱাতো প্ৰচণ্ড কষ্টৰ সন্মুখীন হ’ব ।

Exit mobile version