আপুনি “নেপ’টিজম” ৰ বিৰোধ কৰে তেন্তে কৰক♦কিন্তু ইয়াত সুশান্ত সিং ৰাজপুতৰ নাম ব্যৱহাৰ নকৰিব

bb

প্ৰয়াত ইৰফান খানৰ পুত্ৰ বাবিলৰ সকলো চলচ্চিত্ৰ প্ৰেমীলৈ এক বিশেষ আহ্বান

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত বলীউডত “স্বজনপ্ৰীতি”ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ।সুশান্তৰ আত্মহত্যাৰ কাৰণে “নেপ’টিজম” অৰ্থাৎ”স্বজনপ্ৰীতি”য়েই মূল কাৰণ বুলি সকলোৱে মন্তব্য কৰিছে ৷ইয়াৰ মাজত এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত অভিযোগ,প্ৰতিঅভিযোগ,যুক্তি তৰ্ক আদিৰে ভৰি পৰিছে ৷ঠিক এনে সময়তে বিগত সময়ত মৃত্যু হোৱা প্ৰয়াত ইৰফান খানৰ পুত্ৰ বাবিলে সকলো চলচ্চিত্ৰ প্ৰেমীলৈ এক বিশেষ আহ্বান কৰিছে।

বাবিলে ইনষ্টাগ্ৰামত এটা প’ষ্টৰ জৰিয়তে বলীউড “স্বজনপ্ৰীতি”ৰ বশৱৰ্তী বুলি সমৰ্থন জনাইছে যদিও, সুশান্তৰ আত্মহত্যাক কেন্দ্ৰ কৰি এই বিষয়টো চৰ্চা নকৰিবলৈ আহ্বান কৰে ৷বাবিলে পিতৃ ইমৰান খান আৰু সুশান্ত সিং ৰাজপুতৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে “এইয়া এতিয়াও সমাধান হোৱা নাই ৷আমি দুজন বহু প্ৰতিভাৱান লোকক হেৰুৱাই দিলো ৷যেনেধৰণে সুশান্ত গ’ল সেয়া বহু দুৰ্ভাগ্যজনক ।আমি এতিয়া ইজনে সিজনক দোষাৰোপ কৰাত ব্যস্ত আছো। এইয়া বহু নিৰাশাজানক কথা । কাৰণ এজনে আনজনৰ ওপৰত দোষাৰোপ কৰি একো লাভ নহয়। মই আপোনালোকক আহ্বান কৰিছো এনে দুৰ্ভাগ্যজনক ঘটনাৰ কাৰণে এজনে আনজনৰ ওপৰত দোষ জাপি দিবলৈ বন্ধ কৰক। লগতে বাবিলে লিখে ” যিসকল লোকৰ জীৱনত সুশান্তৰ এনেধৰণৰ কাৰ্যই প্ৰভাৱ পেলাইছে ৷তেওঁলোকৰ কাৰণেও এই সমগ্ৰ পৰিস্থিতিতো অত্যন্ত দুৰ্ভাগ্যজনক। সম্প্ৰতি সেই লোকসকলক কাম কৰিবৰ কাৰণে অনুপ্ৰেৰণা দিব লাগে। মই ক’ব বিচাৰো যে সুশান্ত নাম নোলোৱাকৈ এই সমগ্ৰ ঘটনাৰ প্ৰসংগ তদন্ত কৰক ।যদি আপুনি “নিপ’টিজম” ৰ বিৰোধ কৰে তেন্তে কৰক। কিন্তু ইয়াত সুশান্ত সিং ৰাজপুতৰ নাম ব্যৱহাৰ নকৰিব। এই মন্তব্য ইমৰান খানৰ পুত্ৰ বাবিলৰ ৷

উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰে ৷আৰক্ষীৰ প্ৰাথমিক তদন্তত সুশান্ত মৃত্যু বিগত ছমাহৰ পৰা হৈ থকা ডিপ্ৰেছনৰ কাৰণে হৈছে বুলি কোৱা হৈছে ৷ আনহাতে বিগত সময়ত সুশান্তৰ হাতৰ পৰা এখন এখনকৈ সাতখন ছবিৰ কনট্ৰেক্ট গুচি গৈছিল ।ইয়াৰ পিছত অত্যাধিক ডিপ্ৰেছনৰ সন্মুখীন হৈ আত্মহত্যা কৰে সুশান্তে। ইফালে একাংশই সুশান্তক হত্যা কৰা হৈছে বুলিও অভিযোগ কৰিছে ৷ অৱশ্যে এতিয়া অতি ক্ষিপ্ৰ গতিৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰা হৈছে ৷অনাগত সময়তহে জানিব পাৰিব সুশান্ত সিং ৰাজপুতৰ দৰে এজন প্ৰতিভাৱান অভিনেতাই কি কাৰণে এনে এক পন্থা বাছি ল’লে ৷

Exit mobile version