ৰামদেৱৰ কৰ’না ঔষধৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া মন্ত্ৰী শ্ৰীপদ নায়কৰ

shree

যোগগুৰু বাবা ৰামদেৱে মুকলি কৰা ক’ভিড১৯ৰ ঔষধৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোগগুৰু ৰামদেৱে ক’ৰনা ভাইৰাছৰ নতুন ঔষধ উলিওৱাটো ভাল কথা ৷কিন্তু প্ৰথমতে নিয়ম অনুসৰি আয়ুস মন্ত্ৰ্যালয়ত সেই ঔষধ পৰীক্ষাৰ কাৰণে দিব লাগিব ৷ মংগলবাৰে ৰামদেৱে ক’ভিড১৯ৰ ঔষধ “কৰ’নিল” মুকলি কৰি কৰ’নাত আক্ৰান্ত ৰোগী প্ৰায় সাত দিনত ১০০ শতাংশ সুস্থ হোৱাৰ দাবী কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে ঔষধ মুকলি কৰাৰ পাঁচঘন্টা পিছত কৰ’নিলৰ বিজ্ঞাপনত প্ৰতিবন্ধকতা আৰোপ কৰে। চৰকাৰৰ মন্তব্য যে এই ঔষধৰ প্ৰথমতে বৈজ্ঞানিক তদন্ত হ’ব ৷

আয়ুষ মন্ত্ৰ্যালয়ে কৰ’নিলৰ লাইচেন্স,ঔষধত ব্যৱহৃত সামগ্ৰী,ঔষধ তৈয়াৰ কৰাৰ ঠাই,চিকিৎসালয়,প্ৰট’কল আদিৰ তথ্য বিচাৰিছে।ইফালে পতঞ্জলিয়ে মংগলবাৰে বিয়লি আয়ুস মন্ত্ৰ্যালয়ক ১১ দফাৰ পত্ৰ প্ৰেৰণ কৰে ৷উত্তৰাখণ্ড আয়ুৰ্বেদ বিভাগৰ লাইচেন্স বিষয়াই আজি কয় ” পতঞ্জলিৰ অনুসৰি আমি তেওঁলোকক লাইচেন্স দিছিলো৷কিন্তু তেওঁলোকে দিয়া পত্ৰত কৰ’না ভাইৰাছৰ কথা উল্লেখ কৰা নাছিল। আমি তেওঁলোকক ৰোগ প্ৰতিৰোধ ক্ষমতা,জ্বৰ,কাঁহৰ ঔষধৰ কাৰণে লাইচেন্স দিছিলো।

গতিকে এতিয়া আমি তেওঁলোকক ন’টিছ দি প্ৰশ্ন কৰি সুধিম যে ক’ভিড১৯ৰ কিটৰ কাৰণে লাইচেন্স ক’ত পালে? আনহাতে ৰামদেৱে কৈছিল যে কৰ’নিল নামৰ ঔষধ ক’ভিড১৯ ৰোগীক সুস্থ কৰি তোলাত যথেষ্ট সহায় কৰিব ৷ কৰ’নিলে ৩ দিনত ৬৯ শতাংশ ৰোগীক সহায় কৰিছিল ।ইয়াৰ বিপৰীতে সাত দিনত সুস্থ হৈ উঠিছিল ১০০ শতাংশ ৷

Exit mobile version