কৰ’নাৰ প্ৰভাৱঃ অনুষ্ঠিত নহয় চিবিএচইৰ পৰীক্ষা

cbse rep 1 1589612666 1592976376

আই আই টি ব’ম্বাইয়ে কৰ’না ভাইৰাছৰ কাৰণে অন লাইন ক্লাচ আৰম্ভ কৰাৰ সময়তে চিবিএচইয়ে কৰ’নাৰ কাৰণে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী থকা বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে ৷ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১ ৰ পৰা ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে দিয়া শুনানিৰ ভিত্তি কৰি বৰ্ডৰ ফালৰ পৰা চৰকাৰে ঘোষণা কৰে যে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাকী থকা এচাইনমেণ্ট পূৰ্বৰ তিনিটা পৰীক্ষাৰ আধাৰতে হ’ব ৷ অনুষ্ঠিত কৰিবলৈ বাকী থকা বিষয়ৰ পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে পিছতো দিব পাৰিব ।

ADVERTISEMENT

ইফালে, চিবিএচইৰ উচ্চ পদস্থ বিষয়াই এই সন্দৰ্ভত কয় যে যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিবলৈ থাকি গ’ল তেওঁলোকে পৰীক্ষাসমূহ দিব নালাগে । আনহাতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ইন্টাৰনেল এচাইনমেণ্ট তেওঁলোকৰ বিগত তিনিটা পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত চিবিএচইৰ কৰ্তৃপক্ষক নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল ৷ তেতিয়া চিবিএচইয়ে কয় যে অনতিপলমে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব । ইন্টাৰনেল এচাইনমেণ্টৰ আধাৰিত ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব ৷

ইপিনে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে উচ্চতম ন্যায়ালয়ত এখন পত্ৰ দিছিল । প্ৰতি দিনে দেশত বৃদ্ধি পোৱা কৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা বাতিল কৰিবলৈ পত্ৰ দিছিল অভিভাৱকসকলে ৷ আনহাতে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াই কয় যে কৰ’না ভাইৰাছৰ কাৰণে দিল্লীৰ বিদ্যালয়সমূহত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে । গতিকে সাম্প্ৰতিক সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটো প্ৰত্যাহ্বান স্বৰূপ হ’ব ৷ কিন্তু চিবিএচইৰ এই সিদ্ধান্তৰ পিছতে ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ পৰিছে ৷

Exit mobile version