একাগ্ৰতাৰে অধ্যয়ন কৰিলে দৰিদ্ৰতাও যে হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে নাজিৰা মহকুমাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোহাঁয়ে । আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লাভেৰে অসমৰ শীৰ্ষৰ অষ্টম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা নামতিলৈ গৌৰৱ কঢ়িয়াই আনিলে পিতৃহাৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইয়ে | নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী হিমাঞ্জলী বুঢ়াগোঁহাইৰ সাফল্যত এতিয়া সমগ্ৰ শিৱসাগৰ জিলাতে আনন্দৰ বন্যা বৈছে | প্ৰয়াত কমল বুঢ়াগোঁহাইৰ আৰু মনিমালা বুঢ়াগোঁহাইৰ জ্যেষ্ঠা কন্যা হিমাঞ্জলী বুঢ়াগোঁহাইৰ সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী আছিল | বিশেষভাৱে সক্ষম বৰদেউতাক মন্টুৰঞ্জন বুঢ়াগোঁহাইৰ লগত থাকি অভাৱৰ মাজেৰে অধ্যয়ন কৰি অতি দাৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰা ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ডিষ্টিংচন লাভ কৰিছিল | আনহাতে ছাত্ৰী হিমাঞ্জলীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷
দৰিদ্ৰতাক নেওচি বিজ্ঞান শাখাত অষ্টম স্থানত উজ্জ্বলিল নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাই
-
By publisher

ADVERTISEMENT
- Categories: Assam, Education, News
- Tags: AssamHS Result 2020
Related Content
কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!
By
publisher
April 22, 2025
প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট
By
publisher
April 22, 2025
কন্যাৰ প্ৰসংগত এই কি ক'লে কাজলে ?
By
publisher
April 22, 2025
সলনি হ'ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা!
By
publisher
April 22, 2025
মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,
By
publisher
April 22, 2025
পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!
By
publisher
April 22, 2025