আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিহপুৰীয়াৰ ডিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজৰ দুগৰাকী শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত ক্ৰমে চতুৰ্থ আৰু দশম স্থান অধিকাৰ কৰি সমগ্ৰ বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বিহপুৰীয়া নগৰৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী লক্ষণ দাস আৰু মনি দাসৰ একমাত্ৰ কন্যা পিউ দাসে মুঠ ৪৬৫ নম্বৰ লাভেৰে চতুৰ্থ স্থান লাভ কৰাৰ লগতে নগৰখনৰে আন এগৰাকী ব্যৱসায়ী বংকতলাল শৰ্মা আৰু কান্তা দেৱীৰ একমাত্ৰ পুত্ৰ মধুসুধন শৰ্মাই মুঠ ৪৫১ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় খনৰ দুয়োগৰাকী শিক্ষাৰ্থীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ বিহপুৰীয়া বাসী ৷ দুয়োগৰাকী শীক্ষাৰ্থীয়ে ভৱিষ্যতে চার্টার্ড একাউন্টেন্ট হোৱাৰ লক্ষ্য পুহি ৰাখিছে ৷
বিহপুৰীয়াৰ ব্যক্তিগত খণ্ডৰ দুই শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত স্থান লাভেৰে উজলালে বিহপুৰীয়াক
-
By publisher

ADVERTISEMENT
Related Content
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025