আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিহপুৰীয়াৰ ডিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজৰ দুগৰাকী শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত ক্ৰমে চতুৰ্থ আৰু দশম স্থান অধিকাৰ কৰি সমগ্ৰ বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বিহপুৰীয়া নগৰৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী লক্ষণ দাস আৰু মনি দাসৰ একমাত্ৰ কন্যা পিউ দাসে মুঠ ৪৬৫ নম্বৰ লাভেৰে চতুৰ্থ স্থান লাভ কৰাৰ লগতে নগৰখনৰে আন এগৰাকী ব্যৱসায়ী বংকতলাল শৰ্মা আৰু কান্তা দেৱীৰ একমাত্ৰ পুত্ৰ মধুসুধন শৰ্মাই মুঠ ৪৫১ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় খনৰ দুয়োগৰাকী শিক্ষাৰ্থীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ বিহপুৰীয়া বাসী ৷ দুয়োগৰাকী শীক্ষাৰ্থীয়ে ভৱিষ্যতে চার্টার্ড একাউন্টেন্ট হোৱাৰ লক্ষ্য পুহি ৰাখিছে ৷
বিহপুৰীয়াৰ ব্যক্তিগত খণ্ডৰ দুই শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত স্থান লাভেৰে উজলালে বিহপুৰীয়াক
-
By publisher

Related Content
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়ত
By
publisher
April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
By
publisher
April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
By
publisher
April 25, 2026
বিশ্বত সলনি হ'বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
By
publisher
April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
By
publisher
April 25, 2026