সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ছাত্ৰীৰ জয়যাত্ৰা

EXAM

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰীয়ে দিলে মেধাৰ পৰিচয়। কলা শাখাত পূবালী ডেকা আৰু শ্ৰদ্ধা বৰগোহাঞিয়ে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে বানিজ্য শাখাত শীৰ্ষ স্থান দখল কৰিছে কৃষ্ণা মাহেশ্বৰীয়ে ৷কলা শাখাত মুঠ ৩১ গৰাকী  ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ১০ টা স্থান দখল কৰিছে ৷

ADVERTISEMENT

ইয়াৰ ভিতৰত ২৩ গৰাকীয়ে হ’ল ছাত্ৰী ।কলা শাখাত স্থান লাভ কৰা ছাত্ৰীকেইগৰাকী হ’ল কৰিশ্মা দাস,অন্বেষা কাশ্যপ,ছাইমা,জ্যোতিস্মিতা গোস্বামী,ময়ুৰিকা ডেকা,সংগীতা দাস,পলী বৰা,প্ৰিয়ংসী বৰা,মৌমিতা কোঁৱৰ,মানসী চহৰীয়া,দেৱাশ্ৰী বৰা,জলী বৈশ্য,সম্পূৰ্ণা বাৎসায়ন,কাবেৰি কোচ,মালবিকা ভৰ্দ্বাস,স্বাগতা দত্ত,হৰ্ষিতা বৰঠাকুৰ,অনশ্ৰী মহন্ত,উদিতা ইশানি কাকতি,শতাব্দী পূজাৰী,প্ৰণিতা বুজৰবৰুৱা ৷আনহাতে বানিজ্য শাখাত ১০ টা স্থান লাভ কৰা শীৰ্ষতো ছাত্ৰী ।

তাৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত কৃষ্ণা মাহেশ্বৰীৰ উপৰিও হৰপ্ৰীত কৌৰ,বিনীতা সাহা,সুৰভী দেৱ,প্ৰেৰণা দুৱৰা,আস্থা চৌধুৰী,শ্ৰুতী জৈন,সুমিতা ৰয়,প্ৰিয়া জৈন,কৃষ্ণা দেৱী,মেঘা মজুমদাৰ,চিমি দাস,ছাজিনা খাতুন,নলিনী জামাৰ,সাক্ষী গুলছা,আৰু মধুস্মিতা শৰ্মা ৷ বিজ্ঞান শাখাত ৫ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম ১০ টা স্থান ৷ বিজ্ঞান শাখাত স্থান লাভ কৰা ছাত্ৰকেইগৰাকী হৈছে নেইমা ফিৰদুছ বৰভূঞা,ছবনম গুঞ্জন বৰা,অমিশা সিং,সীমাঞ্জলি বৰগোহাঁই আৰু অংকিতা শইকীয়া ৷

 

Exit mobile version