শোণিতপুৰত কৰ’নাৰ সংক্ৰমণ অব্যাহত

coronavirus agencies 1

শোণিতপুৰ জিলা ক’ভিড-১৯ৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী কৰ’নাত আক্ৰান্ত লেবৰেটৰী সহায়ক ইক্ৰামুল হুছেইনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই । স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশত আজি তেজপুৰত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহকাৰী লেব সহায়ক ইক্ৰামুল হুছেইনৰ অসাৱধানতাৰ বাবেই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩৩ জন স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ইক্ৰামূলক তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগে নিলম্বিত কৰাৰ লগতে শোণিতপুৰৰ উপায়ুক্তক ইক্ৰামূলৰ বিৰুদ্ধে অপৰাধজনিত গোছৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলিও কয় মন্ত্ৰীজনে। উল্লেখযোগ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় লেব এটেনন্ডেট ইক্ৰামূলে ছয় জুনৰ পৰা ১২জুনলৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড ৱাৰ্ডত কাম কৰাৰ পিছত স্বাস্থ্য বিভাগৰ ক’ভিড-১৯ৰ গাইড লাইন অনুসৰি স্বাৱ টেষ্ট কৰি হোম কোৱাৰেন্টাইনত থাকিব লাগিছিল ।

কিন্তু ইক্ৰামূলে উক্ত গাইড লাইন অমান্য কৰি স্বাব টেষ্ট নকৰাকৈ ঘৰলৈ যায় আৰু পৰৱৰ্ত্তী সময়ত চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংককে ধৰি লেবৰেটৰীৰো বিভিন্ন জনৰ লগত সম্পৰ্ক কৰে। পিছত ইক্ৰামূলৰ কৰ্ম-কাণ্ড মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত ১৭জুনত ইক্ৰামূলৰ স্বাব টেষ্ট কৰাৰ পিছত ২০জুনত ইক্ৰামূল ক’ভিড পজিটিভ বুলি চিনাক্ত হয় ৷ ইয়াৰ পিছতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত হাহাকাৰ লাগে । লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনিৰ ক’ভিড পৰীক্ষাগাৰৰ কৰ্মচাৰী, ব্লাড বেঙ্ক, চিকিৎসক, স্বাস্থ্য কৰ্মীৰ স্বাব সংগ্ৰহ কৰাত বৰ্তমানলৈকে ৩৩গৰাকী ক’ভিড পজিটিভ চিনাক্ত হোৱাত হাহাকাৰ লাগিছে ৷

আজি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল সহ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ডি আৰ এলৰ পৰীক্ষাগাৰ, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে তেজপুৰক ক’ভিডৰ গণ সংক্ৰমনৰ পৰা ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি অহা দুমাহৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোনো চিকিৎসক বা চিকিৎসা কৰ্মীয়ে ব্যক্তিগত চিকিৎসালয় তথা চিকিৎসা প্ৰতিষ্ঠানত কাম কৰিব নোৱাৰিব বুলিও কয় ৷

ইপিনে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰু এগৰাকী চিকিৎসক হিমৎ সিং ৰাথোৰ কৰ’নাত আক্ৰান্ত হৈছে ৷ তেজপুৰৰ ঘৰপৰা চুবুৰীত ভাৰাঘৰত থকা চিকিৎসক গৰাকীক যোৱা নিশাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে তেজপুৰ পৰোৱাৰ ক’ভিড হস্পিতালৰ লেবৰেটৰীৰ কৰ্মচাৰী ফাইজুৰ ৰহমান আৰু বহি:ৰাজ্যৰ পৰা শোণিতপুৰলৈ অহা আন দুজন যুৱকৰ দেহত কৰ’নাৰ সংক্ৰমণ ঘটিছে ৷ কেৰেলাৰ পৰা অহা যুৱকদ্বয় বালিপৰা গুডামঘাটৰ আব্দুল জলিল আৰু গটাইমাৰীৰ চাফিকুল আলিৰ উপৰি আন এজন ব্যক্তি আনন্দ দাসো কৰ’নাত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত চফিকুল টি এইচ বি কলেজত কোৱাৰেন্টাইনত থকাৰ বিপৰীতে আব্দুল ব্যস্ত আছিল কৃষিকাৰ্যত ৷ আজি বিয়লি পৰ্যন্ত শোণিতপুৰত কৰ’না আক্ৰান্তৰ সংখ্যা ৩০৭জনলৈ বৃদ্ধি পালে ৷

Exit mobile version