অপ্ৰতিৰোধ্য আন্তৰাজ্যিক চোৰাং কাঠ সৰবৰাহৰ ছিণ্ডিকেট চক্ৰ

WhatsApp Image 2020 06 27 at 5.07.11 PM

কোটি কোটি টকা কৰ ফাঁকিৰে ৰাজকোষত মাধমাৰ
বোকাজানত পুনৰ জব্দ কাঠভৰ্তি ট্ৰাক

নগালেণ্ডৰ ডিমাপুৰত গঢ় লৈ উঠা ছিণ্ডিকেটৰ জৰিয়তে অসমৰ মাজেৰে বিভিন্ন স্থানলৈ অবৈধ ভাৱে মূল্যবান কাঠ সৰবৰাহ হৈ থকাৰ কথা সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা আৰু আৰক্ষীৰ হাতত এনে কাঠভৰ্তি ট্ৰাক জব্দ হোৱাৰ পাছতো ক্ষমতাশালী ছিণ্ডিকেট চক্ৰই অপ্ৰতিৰোধ্য ভাৱে এনে অবৈধ কাঠ সৰৱৰাহৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ৷ অসম আৰু নগালেণ্ডৰ বনবিভাগৰ ছিণ্ডিকেট চক্ৰৰ লগত থকা মিতিৰালিৰ বাবেই ৰাজকোষত মাধমাৰ সোধোৱাৰ সাহস কৰি আহিছে উক্ত চক্ৰই ৷ যোৱা ২১ জুনত এনে এখন অবৈধ কাঠভৰ্তি ট্ৰাক ডিমাপুৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষীয়ে জব্দ কৰি শিলনীজান বন বিভাগৰ হাতত চমজাই দিয়াৰ পাছত শুক্ৰবাৰে বোকাজানৰ পূৱ বন সংমণ্ডলৰ কাৰ্যালয়ৰ সমুখতে একাংশ স্থানীয় ৰাইজে RJ23GB 5402 নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক আৱদ্ধ কৰি বনবিভাগক খবৰ দিয়ে ৷ পিছত বনবিভাগৰ লোকে গাড়ীখনৰ নথিপত্ৰ পৰীক্ষা কৰাত টি.পি অবিহনেই উক্ত ট্ৰাকখনে ডিমাপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাঠ কঢ়িয়াই অনাৰ তথ্য পোহৰলৈ আহে ৷

আনহাতে নথি পত্ৰৰ মাজত থকা জোখ-মাখৰ তালিকাত প্ৰয়োজনীয় স্বাক্ষৰ নথকাৰ কথা বন বিভাগৰ লোকেই মুকলিকৈ স্বীকাৰ কৰে ৷ এই ট্ৰাকখনে বিসংগতিপূৰ্ণ নথিৰে ডিমাপুৰৰ মেচাৰ্চ এল.কে.চি টিম্বাৰ ট্ৰেন্সপৰ্টাৰৰ পৰা মঙ্গলদৈৰ দীপিলাৰ মেচাৰ্চ কলিতা টিম্বাৰছ চপলৈ কাঠখিনি নি আছিল ৷ উল্লেখযোগ্য যে ১৮ চকাযুক্ত ট্ৰাকখনত উক্ত জোখ-মাখৰ নথি মতে ৭২৩ টুকুৰা কাঠ বোজাই কৰা দেখুৱাইছে যাৰ হিচাপ ২১.৯৮০ চি:এম:, কিন্তু ট্ৰাকখনত দুহেজাৰৰো অধিক কাঠৰ টুকুৰা থকাৰ কথা প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহে ৷ এইদৰে প্ৰতিখন ট্ৰাকে সামান্য পৰিমাণে চৰকাৰৰ ঘৰত কৰ পৰিশোধ কৰি তাতকৈ অধিক মূল্যৰ কাঠ অবৈধভাৱে সৰবৰাহ কৰি আছে ৷

উল্লেখযোগ্য যে এই ছিণ্ডিকেট চক্ৰক নিয়ন্ত্ৰণ কৰা নাগালেণ্ড টিম্বাৰছ এছচিয়েচনে ডিমাপুৰৰ কে’বাটাও ট্ৰেন্সপৰ্টাৰ এজেণ্সিৰ জৰিয়তে বিভিন্নপক্ষক মেনেজ কৰি অসমৰ বিভিন্ন স্থানলৈ এনদৰে চোৰাংকৈ কাঠ সৰবৰাহ কৰি আহিছে ৷ সংস্থাটোৰ সভাপতি টকিঅ’ চ’ফৰ নেতৃত্বত চলি আহিছে এই ছিণ্ডিকেট চক্ৰ ৷ সূত্ৰ অনুসৰি এই চক্ৰটোৰ অধীনত ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মাহত দুই শতাধিক এনে কাঠভৰ্তি ট্ৰাক অসমত প্ৰৱেশ কৰে ৷ অসমত প্ৰৱেশ কৰিয়েই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাক সমূহে লাহৰীজানস্থ বন বিভাগৰ কাৰ্যালয় আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাকসমূহে বোকজানস্থিত বন বিভাগৰ কাৰ্যালয়ত নথি-পত্ৰ সমূহ পৰীক্ষা কৰায় ৷ কিন্ত বনবিভাগৰ কাৰ্যালয়ে ৰহস্যজনক ভাৱে বিসঙ্গতিপূৰ্ণ নথিপত্ৰৰেই এনে কাঠ সৰবৰাহত সেউজ সংকেত দিয়ে ৷ যদি দুই শতাধিক এনে ট্ৰাকৰ উপযুক্তভাৱে কৰ লয় তেন্ত ৰাজকোষত জমা হ’লহেঁতেন মাহেকত কে’বা কোটি টকাৰ ৰাজহ ৷ এইক্ষেত্ৰত বনবিভাগে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব ৷

Exit mobile version