কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে উপচাই পেলালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

t169v8us arvind

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰ’না মহামাৰীৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ লাভ কৰা সহযোগিতাক প্ৰশংসা কৰিছে ৷ শনিবাৰে এক ভিডিঅ’ কনফাৰেঞ্চৰ যোগেৰে অৰবিন্দ কেজৰিৱালে কয়, দিল্লীত সম্প্ৰতি ১৩ হাজাৰ ৫০০ খন বিচনা আছে ৷ দিল্লী চৰকাৰে নিতৌ ২০ হাজাৰ কৰ’নাৰ পৰীক্ষা কৰাইছে ৷ কৰ’নাৰ বিৰুদ্ধে যুঁজ দিওঁতে কেন্দ্ৰীয় চৰকাৰে আমাক পাৰ্যমানে সহায় কৰিছে । দিল্লীত সম্প্ৰতি কৰ’নাত আক্ৰান্তৰ সংখ্যা সীমিত হৈছে । ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰ’নাৰ সন্দৰ্ভত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছে । এই বৈঠকৰ পৰিপ্ৰেক্ষিতত অনাগত দিনৰ কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰাৰ পৰিকল্পনা কৰা হ’ব ৷

ইফালে প্ৰথমাৱস্থাত দিল্লীত কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ কাৰণে বিচনা অভাৱ আছিল বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে ৷ এই সন্দৰ্ভত কেজৰিৱালে কয় যে প্ৰথমতে লোকসকলে বিচনাৰ কাৰণে চিকিৎসালয়ত ইফালে সিফালে দৌৰে ফুৰিছিল ৷ কিন্তু এতিয়া দিল্লীত পূৰ্বতকৈ পৰিস্থিতি উন্নত হোৱা দেখা গৈছে । অৱশ্যে, সম্প্ৰতি দিল্লীত কৰ’না ৰোগীৰ কাৰণে ১৩ হাজাৰ ৫০০ খন বিচনা উপলব্ধ হৈছে । ইয়াৰ ভিতৰত ৭৫০০ খন বিচনা এতিয়াও খালী আছে । আনহাতে কেজৰিৱালে প্ৰেছ কনফাৰেঞ্চৰ পূৰ্বতে টুইটৰ যোগেদি কয় যে ৰাজধানী দিল্লীত এদিনত ২১ হাজাৰ ১৪৪ টা কৰ’না পৰীক্ষা কৰোৱা হৈছে । আমি এতিয়া কৰ’না পৰীক্ষাও চাৰিগুণ বৃদ্ধি কৰিছো ৷ উল্লেখযোগ্য যে কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পিছতে আছে দিল্লী ৷ ৰাজধানী দিল্লীত এতিয়ালৈকে ৭৭ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ সুস্থ হৈছে প্ৰায় ৪৭ হাজাৰ ৷

Exit mobile version