চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে লোক-সংস্কৃতিৰ অন্যতম শিল্পকলা পুতলা থিয়েটাৰ

IMG 20200627 163019

লোক সংস্কৃতিৰ বৈচিত্ৰময় আংগিকৰ অন্যতম পুতলা নাচ।অসমৰ সংস্কৃতিৰ শিল্প জগতত পুতলা নাচ এক অন্যতম শিল্পকলা । এই পুতলা নাচৰ শিল্পকলাকে মূল বিষয়বস্তু হিচাপে লৈ গঢ়ি উঠিছিল পুতলা থিয়েটাৰ দল। কিন্তু বৰ্তমান এই পুতলা থিয়েটাৰ দল এশ এবুৰি সমস্যাৰ চাকনৈয়াত পৰি মৃত্যু মুখলৈহে গতি কৰা পৰিলক্ষিত হৈছে । চৰম বিপৰ্যয়ৰ সন্মুখীন হৈ সম্প্ৰতি মৃত্যু মূখলৈ ধাৱমান হোৱা তেনে এটি পুতলা ভ্ৰাম্যমাণ থিয়েটাৰ হ’ল “ৰূপালীম পুতলা থিয়েটাৰ”। গুৰুজনাৰ দিনৰে পৰা চলি অহা অসমৰ পুতলা নাচক লৈয়েই ৰাজ্য খনৰ নগাঁও জিলাৰ কাকমাৰীত পাঁচ বছৰৰ পূৰ্বে জন্ম হৈছিল পুতলা নাচৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলটো। মধ্য অসমৰ নগাঁৱৰ কাকমাৰীৰ উচ্চ শিক্ষিত, সংস্কৃতিৱান লোক ৰাজু বৰাৰ অশেষ প্ৰচেষ্টাত জন্ম হৈছিল “ৰূপালীম পুতলা থিয়েটাৰ” নামৰ ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দলটোৰ।

সেই সময়ত অতি জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ দল ৰূপালীম। লোক কৃষ্টিৰ বৈচিত্ৰময় আংগিকৰ অন্যতম পুতলা নাচকে সাৰথি কৰি লৈ একাংশ সংস্কৃতিবান লোকক লৈ ৰাজু বৰাই অতি সাহসেৰে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জন্ম দিছিল এই পুতলা থিয়েটাৰ দলটোৰ। পিছে এই ডিজিটেল যুগত পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাটোৱেই এক প্ৰত্যাহ্বান হৈ পৰিছিল। ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত প্ৰসাৰ,বিশ্বায়নৰ প্ৰভাৱ,ডিজিটেল যুগৰ জয়জয়কাৰ,নৱ প্ৰজন্মৰ পুতলা নাচৰ প্ৰতি অনাসক্তি আদিকো নেওচি নগাঁৱৰ ৰাজু বৰাই পুতলা থিয়েটাৰ দলটোক অশেষ কষ্টৰে জীয়াই ৰাখিছিল যদিও এতিয়া পুতলা থিয়েটাৰ দলটোৰ অস্তিত্বৰ প্ৰতিয়েই চৰম ভাবুকি নামি অহা পৰিলক্ষিত হৈছে। সময়ৰ আহ্বানত যেন বৰ্তমান অনাদৃত অৱহেলিত হৈ পৰিছে পুতলা থিয়েটাৰৰ পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা – সৰঞ্জাম আৰু অন্যান্য শিল্পী সকল।

এই পুতলা থিয়েটাৰত কৰ্মৰত কলা কুশলীসকলৰো জীৱন নিৰ্বাহৰ পথ অনিশ্চয়তাৰে গ্ৰাস কৰিছে।ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ স্বত্বাধিকাৰী ৰাজু বৰাই আজি “দৈনিক অগ্ৰদূত”ক কয়, “মোৰ আজো ককা স্বৰ্গীয় বেথাৰাম বৰাৰ দিনৰে পৰাই আমাৰ ইয়াত পুতলা নাচৰ শিল্পটো চলি আছে। পাঁচ বছৰ মানৰ আগত মোৰ মনলৈ আহিল যে নলবাৰী যদি ভ্ৰাম্যমাণ থিয়েটাৰৰ বাটকটীয়া হয় তেন্তে আমাৰ গুৰুজনাৰ দিনৰে পৰা নগাঁৱত চলি থকা পুতলা নাচৰ লোক শিল্পকলৈ এটা ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দল দেখোন গঠন কৰিব পাৰি।পৰিকল্পনা অনুসৰিয়েই মই কামত লাগি পৰিলো।প্ৰায় ১৫লাখ টকা ব্যয় কৰি জন্ম দিলো ৰূপালীম পুতলা থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দলটোৰ।এই থিয়েটাৰ দলটোত কলা কুশলী, বিভিন্ন কৰ্মচাৰী সহ মুঠ ৩২গৰাকী লোক আছিল।এটা পেণ্ডেল আছিল য’ত এহেজাৰ মানুহে একেলগে বহি থিয়েটাৰ চাব পাৰে।পোহৰ,শব্দযন্ত্ৰ,সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ,বিশাল প্ৰজেক্টৰো আছিল। আমি তিনি দিন নাটক পৰিৱেশন কৰিছিলো । সেই নাটক সমূহ আছিল”ৰূপালীম”, “আউসীৰ জোনাকৰ নিশা”, “মিৰি জীয়ৰী”, “সূৰ্যাস্ত”, “মৰমে কন্দুৱায় মৰমে হহুৱাই”। প্ৰথমে ৰাইজৰ বিপুল সঁহাৰি পাইছিলো।”

এসময়ত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ এই পুতলা থিয়েটাৰ দলটোৱে আমন্ত্ৰণ লাভ কৰি অনুষ্ঠান পৰিৱেশন কৰাৰ কথা সদৰী কৰি বৰাই আৰু কয়,”আমি যিমান খৰচ কৰিছিলো তাৰ বিনিময়ত সিমান ধন পোৱা নাছিলো।তিনি দিন নাটক কৰি মাত্ৰ ৩০-৪০হেজাৰ টকাহে পাইছিলো।ফলত চৰম আৰ্থিক সংকটত পৰিব লগীয়া হৈছিলো। কিন্তু বিভিন্ন বাধা বিঘিনীকো নেওচি পুতলা থিয়েটাৰ দলটোক জীয়াই ৰাখিছিলো যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ ফলত সম্ভাৱনাৰ অন্তিমখন দুৱাৰো বন্ধ হৈ পৰে পুতলা থিয়েটাৰ দলটোৰ। কিয়নো যোৱা ২২মাৰ্চৰ পৰা আজি পৰ্যন্ত বন্ধ হৈ আছে পুতলা থিয়েটাৰ দলটো।” ১৯৯৬চনতেই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ৰাজূ বৰাই চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি অসমীয়া লোক শিল্পক পুতলা থিয়েটাৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰেই পুতলা থিয়েটাৰ দলটোক জন্ম দিছিল যদিও অতিমাৰী কৰ’না ভাইৰাছৰ আতংকই তেওঁৰ সকলো সপোন থানবান কৰি পেলায়।যোৱা মাৰ্চ মাহৰ পৰাই তলাবন্ধই বাৰুকৈয়ে জুৰুলা কৰে এই পুতলা সংস্কৃতিক। কৰ্মহীন হৈ পৰি চকুৰে ধোঁৱাকোৱাঁ দেখিব লগীয়া হয় পুতলা থিয়েটাৰ দলটোৰ স্বত্বাধিকাৰী ৰাজু বৰা আৰু ইয়াৰ লগত জড়িত আন কলাকুশলীসকল।

পেটৰ তাড়ণাতেই পুতলা থিয়েটাৰ দলটোৰ সৈতে জড়িত সকলে অন্য কামৰ সন্ধানত যেনি তেনি ঢাপলি মেলিব লগা হয়। তাৰোপৰি নাট্যকাৰ, পৰিচালক তথা ৰূপালীম পুতলা থিয়েটাৰৰ ব্যৱস্থাপক ৰাজু বৰাই জীৱন নিৰ্বাহ কৰিবলৈ এক বিকল্প জীৱিকা বাচি লবলৈ বাধ্য হয়। নিজ ঘৰতে বিজ্ঞান সন্মতভাৱে টাৰ্কি মুৰ্গী, ব্লেক চিকেন, ব্ৰয়লাৰ মুৰ্গী,ইণ্ডিয়ান ৰাণাৰ, গাইনিফল,হুৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালৰে তেওঁ ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ বাট বুলিছে। বৰাৰ এই ফাৰ্মতে কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে দুই তিনিটিকৈ পৰিয়ালে। কিন্তু লোক সংস্কৃতি পুতলা থিয়েটাৰ দলটোক জীয়াই ৰাখিব নোৱাৰি তেওঁ মৰ্মাহত। পুতলা থিয়েটাৰ দলটোৰ লগত জড়িত ৩২গৰাকী লোকে এতিয়া দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে বুলিও ৰাজু বৰাই অতি আক্ষেপেৰে কয়।স্মৰ্তব্য যে,নিজৰ গাঁথিৰ ধন ১৫ লাখ টকা খৰচ কৰি ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ জন্ম দিয়া বৰা এতিয়া চৰম আৰ্থিক সংকটত পৰিছে।অথচ তেওঁৰ এই দুৰ্দিনত কোনেও এবাৰ খবৰ লোৱা নাই।স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই তেওঁক সহায়ৰ আশ্বাস দিছিল যদিও সেয়া আজিও কাৰ্যকৰী নহ’ল।যোৱা মাৰ্চ মাহৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা ৰূপালীম পুতলা থিয়েটাৰ দলটোৰ সা সৰঞ্জাম,পুতলা সমূহো সম্প্ৰতি সম্পূৰ্ণ অসংৰক্ষিত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে।বৃদ্ধ পিতৃ, বিজ্ঞান স্নাতক পত্নী আৰু একমাত্ৰ কন্যাৰে সৈতে ৰাজু বৰাৰ এখন সুখৰ সংসাৰ আছে। এই দুৰ্দিনত তেওঁক প্ৰেৰণা আৰু সাহস যোগাই আহিছে তেওঁৰ পত্নীয়ে।

Exit mobile version