নৰক কুণ্ডত পৰিণত হৈছে কচুৱাৰ তিনিওটা কোৱাৰেন্টাইন শিবিৰ

নগাওঁ জিলাৰ কচুৱা আৰক্ষীথানাৰ অন্তৰ্গত কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কচুৱা বালিকা এম ই স্কুল আৰু শিঙিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, এই তিনিওটা কোৱাৰেন্টাইন শিবিৰ বিগত কিছুদিন ধৰি কোৱাৰেন্টাইনত থকা লোকসকলৰ বাবে এক নৰক কুণ্ড সদৃশ হোৱা পৰিলক্ষিত হৈছে ৷ যিসময়ত বজাৰ, শ্বপিংমল, ৰাজহুৱা প্ৰতিষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠানকে ধৰি সকলো ঠাইতে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাক্স পৰিধান কৰিবলৈ প্ৰশাসনৰ ফালৰপৰা ৰাইজক বাৰে বাৰে কোৱা হৈছে সেই সময়ত এই তিনিওখন কোৱৰেন্টাইন শিবিৰত দুটাৰ এটাত নিয়মসমূহ বৰ্তাই ৰাখিব পৰা নাই ৷ ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাত ঠায়ে ঠায়ে পুনৰ তলাবন্ধ ঘোষণা কৰা হৈছে ৷ পৰিতাপৰ বিষয় যে কচুৱাৰ এই তিনিওটা কোৱাৰেন্টাইন শিবিৰত শোঁৱা ঠাইৰ অভাৱ হোৱাৰ পিছতো বহিঃৰাজ্যৰ পৰা অহা লোকসকলক এই কোৱাৰেন্টাইন শিবিৰত জীৱ-জন্তুৰ দৰে থাকিবলৈ দি নৰক যন্ত্ৰনাৰ মাজত থাকিবলৈ বাধ্য কৰোৱা হৈছে ৷

প্ৰত্যক্ষ কৰা মতে শিবিৰ সমূহত এশকৈ বিচনাৰ ব্যৱস্থা কৰা হৈছে যদিও বিচনাসমূহৰ দূৰত্ব মাত্ৰ একফুট ৷ একেদৰে শিবিৰৰ ভিতৰত ঠাইৰ অভাৱ হোৱাত কোৱাৰেন্টাইনত থকা লোকসকল বাৰাণ্ডাৰ মজিয়াত বিছনা পাৰি থাকিব লগা হৈছে ৷ ইফালে কচুৱা বালিকা এম ই স্কুলখনৰ চৌহদৰ গাতে লাগি থকা চাৰিওফালৰ মানুহৰ ঘৰ-বাৰীৰ গেলা-পচা পানী বৈ অহাৰ লগতে স্কুলখনৰ সন্মূখৰ ফিল্ডতো যোৱা তিনিদিনৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানী, বোকা হোৱাত জাবঁৰ-জোথৰৰ দম আদি গেলি-পচি এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিদ্যালয়খনৰ সন্মূখৰ ঠাই সৰু হোৱাত কোৱাৰেন্টাইনত থকা লোকসকল বাহিৰত ওলাব নোৱাৰি কোঠালীৰ ভিতৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে ৷ একেদৰে শিঙিমাৰীৰ কোৱাৰেন্টাইন শিবিৰতো ঠাইৰ অভাৱ তথা কদৰ্যময় পৰিবেশত থাকিব লগা হৈছে। লগতে কোৱাৰেন্টাইনত থকা লোকসকলক উপযুক্ত সুবিধা দিয়া নাই। গতিকে কচুৱাত কোৱাৰেন্টাইনৰ নামত কেৱল ভেকোঁভাওনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Exit mobile version