পুনৰ অনিশ্চয়তাই দেখা দিছে বাঘজানত

FB IMG 1593260749193

বিপদে এতিয়া লগ নেৰা হৈছে অইল ইণ্ডিয়া লিমিটেডৰ লগতে বাঘজানবাসীক । ডুমডুমা-বাঘজান সংযোগী অইলৰ মুখ্য পথটোৰ পকী দলংখন প্ৰৱল বানৰ সোঁতে বুধবাৰে হঠাৎ ভঙাৰ পাছত দ্বিতীয়টো বিকল্প পথ টিপুক-বাঘজান সংযোগী দলঙো ভাঙি পৰাৰ উপক্ৰম হৈছে । আনহাতে, গেলাপুখুৰী, গতং হৈ মাগুৰি বিলৰ ওপৰেদি বাঘজানলৈ যোৱা অইলৰ তৃতীয়টো বিকল্প পথো এতিয়া প্ৰৱল বানৰ কৱলত ৷

বানে খহাই পেলাইছে পথটোৰ ওপৰৰ প্ৰলেপ, ফলত এতিয়া জিলা প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হৈছে তৃতীয়টো পথ ৷ বাঘজান-৫ তৈলখাদৰ জুই নিৰ্বাপনৰ অধিকাংশ প্রস্তুতি সম্পূৰ্ণ হোৱাৰ মাজতে পুনৰ অনিশ্চয়তাই দেখা দিছে বাঘজানত। বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপনত এইবাৰ বাধাৰ প্রাচীৰ হৈ থিয় দিছে প্রতিকূল বতৰে। ফলত এতিয়া অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তৈলখাদলৈ নিব পৰা নাই ।

আনহাতে, পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে সেনাই নিৰ্মাণ কৰা বেইলী ব্ৰিজৰ লগতে বিশেষজ্ঞ দলৰ পৰিকল্পনা অনুসৰি স্থাপন কৰা পাম্পসমূহ । যাৰ বাবে ইটোৰ ওপৰত সিটো বিপদৰ সন্মুখীন হৈছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ । ইফালে, অইল কৰ্তৃপক্ষৰ এক বিশেষ সুত্ৰ অনুসৰি অইলৰ এক অত্যাধুনিক অগ্নি-নিৰ্বাপনৰ যন্ত্ৰ আনি থকা হৈছে ৷ সেই যন্ত্ৰটো আহি পোৱাৰ পাছতেই ৪,৫,৬,৭ জুনত আৰম্ভ কৰিব অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা । উল্লেখ্য যে বৰ্তমান অগ্নি নিৰ্বাপন কৰাতকৈ গেছ নিৰ্গত বন্ধ কৰাত কিছু জটিলতাই দেখা দিছে কৰ্তৃপক্ষক ৷

Exit mobile version