ভাৰতক সহায় কৰিব আমেৰিকাই

thumb

লাডাখ চীন সীমান্ত সন্দৰ্ভত উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ ভাৰতক সহায়ৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ভাৰতৰ উপৰিও টাইৱান, ভিয়েটনাম, জাপান, মালয়েছিয়া, ফিলিপাইনছ সীমান্তত চীনে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ উঠিপৰি লাগি থকাৰ সময়তে আমেৰিকাই এই আটাইকেইখন দেশক সহায় কৰিবলৈ প্ৰেৰণ কৰিব ২৭ হাজাৰ মাৰ্কিন সেনা। এই সন্দৰ্ভত মাৰ্কিন সচিব মাইক পেম্পৱে কয় যে ভাৰতক সহায়ৰ বাবে সাজু আমেৰিকা ৷ লগতে পেম্পৱেই কয় যে ইয়াৰ কাৰণে ২৭ হাজাৰ মাৰ্কিন সৈন্য প্ৰেৰণ কৰা হৈছে। আৰু সাজু কৰা হৈছে ক্ষেপণানাস্ত ।

ADVERTISEMENT

উল্লেখযোগ্য যে ভাৰত চীন সীমান্ত সন্দৰ্ভত বিভিন্ন বৈঠকৰ মাজত ১৫ জুনত গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল ৷ চীনৰো প্ৰায় ৪০ জন সেনা প্ৰাণ হেৰুৱাইছিল এই সংঘৰ্ষত ৷ ইয়াৰ পিছত সীমান্ত সংঘৰ্ষ সন্দৰ্ভত একেৰাহে হোৱা বিভিন্ন বৈঠকৰ পিছত পুনৰ ভাৰত চীন সীমান্তত উত্তেজনাই বিৰাজ কৰিছে । এই মুহুৰ্ততে আমেৰিকাই ভাৰতৰ প্ৰতি দেখুৱা সহযোগিতাই বিশেষ চৰ্চা লাভ কৰিছে ৷

Exit mobile version