মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰণৰ

Karan Johar

শেহতীয়াভাৱে নেপট’জিম অৰ্থাৎ স্বজন-তোষণৰ বিতৰ্কৰ সতে সাঙুৰ খোৱা বলিউডৰ আগশাৰীৰ চলচ্চিত্ৰ নির্মাতা নিৰ্দেশক কৰণ জোহৰে মুম্বাইৰ একাডেমি অৱ দ্য মুভিং ইমেজৰ বৰ্ডৰ পৰা পদত্যাগ কৰিব। মুম্বাই ফিল্ম ফেষ্টিভেল (মামি)ৰ বৰ্ডৰ পৰা কৰণে পদত্যাগ কৰাৰ কথা বৰ্ডৰ পৰিচালক স্মৃতি কিৰণে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰকাশিত বাতৰি অনুসৰি ছ’চিয়েল মিডিয়াত শেহতীয়াভাৱে যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱাৰ পৰিণতিতে কৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিলে। অৱশ্যে জনপ্ৰিয় চলচিত্ৰ নির্মাতাজনে তেওঁৰ পদত্যাগৰ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ADVERTISEMENT
Exit mobile version