কাৰ্বি আংলঙৰ চকীহোলাত বিস্ফোৰক সামগ্ৰীসহ পি.ডি.চি.কে.ৰ চাৰ্জেণ্ট মেজৰ আটক

WhatsApp Image 2020 06 28 at 4.50.16 PM

কাৰ্বি আংলঙৰ চকীহোলা আৰক্ষী আৰু সেনাৰ এক যুটীয়া অভিযানত চকীহোলা থানাৰ অন্তৰ্গত ডেংগাৰ পৰা কাৰ্বি উগ্ৰপন্থী সংগঠন পিপলছ ডেমক্ৰেটিক ছলিডাৰিটি অৱ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এজন চাৰ্জেণ্ট মেজৰক বিস্ফোৰক সহ আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চাৰ্জেণ্ট মেজৰ জনৰ নাম হ’ল ব’নেট টেৰণ ৷ এক গোপন সূত্ৰৰ ভিত্তিত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত চলা এই অভিযানত হস্তনিৰ্মিত কে’বাটাও বোমা উদ্ধাৰ কৰাৰ লগতে বেটাৰী, ৰিমোট তথা অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ৷ হস্তনিৰ্মিত এই বোমা কেইটা আই.ই.ডি বুলি বিশেষ সূত্ৰে প্ৰকাশ ৷ এই পর্যন্ত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে৷

ADVERTISEMENT
Exit mobile version