কোকৰাঝাৰত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ 

main qimg 367051c0890ce985cf78b79fa6ab88ae

কোকৰাঝাৰ জিলাৰ তাৰংগুৰী সুতাৰপাৰাত নিজ গৃহতে এগৰাকী বিবাহিতা মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘাতকে চোকা অস্ত্ৰৰে ঘপিয়াই মুণ্ড ছিন্ন কৰি মুণ্ডটো ঘাতকেই লৈ যায় বুলি সন্দেহ কৰা হৈছে । ঘাতকৰ নৃশংস আক্ৰমণত নিহত হোৱা মহিলাগৰাকীক ছাতিৰাম বসুমতাৰীৰ (৫০) দ্বিতীয় পত্নী বিমলা বসুমতাৰী(৪৫) বুলি চিনাক্ত কৰা হৈছে সুতাৰপাৰা গাঁৱৰ গাঁওবুঢ়া চন্দ্ৰকান্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰা মতে ৰাতিপুৱা পথাৰলৈ বুলি ধান ৰুবলৈ যাঁওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে । ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে চিৎকাৰ কৰি উঠে আৰু গাঁৱবাসীক খবৰ দিয়ে ।

তাৰপিছত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিমলা বসুমতাৰীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্দেহবশত মৃত বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে অদ্যপি বিমলা বসুমতাৰীৰ মুৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি ইতিমধ্যে হত্যাকাণ্ড সন্দৰ্ভত কেবাটাও ক্লু উদ্ধাৰ কৰা হৈছে আৰু অচিৰেই হত্যাকাৰী ধৰা পৰিব বুলি মন্তব্য কৰিছে ।

Exit mobile version